অসাৰ প্ৰতিপন্ন হিমন্ত বিশ্বৰ নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি! ১৭ মাহত বৃদ্ধি ১৮ লক্ষাধিক নিবনুৱা

বুমেৰাং হোৱাৰ দিশে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি৷অসমৰ প্ৰতিষ্ঠিত সংবাদপত্ৰ ‘অসমীয়া প্ৰতিদিনে’ প্ৰকাশ কৰা অনুসৰি বিগত ১৭ মাহত ৰাজ্যত পঞ্জীভুক্ত নিবনুৱা ১৮,২০,৭১৩জন বৃদ্ধি পাইছে৷২০২৩বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ২০২৪ বৰ্ষৰ মে’ মাহলৈ ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰিছে ১৮,২০,৭১৩জন নিবনুৱাই৷ইয়াৰ পূৰ্বে ২০২২চনৰ ডিচেম্বৰলৈ ৰাজ্যত পঞ্জীভুক্ত নিবনুৱা আছিল ১০,৩৪,৬১৩জন৷

কিন্তু নতুনকৈ ১৭ মাহত ১৮,২০,৭১৩ জন নিবনুৱাৰ বৃদ্ধিয়ে অসমত ২৮,৫৫,৩২৬জনলৈ মুঠ নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিছে৷নিবনুৱা সমস্যাৰ এই অভাৱনীয় বৃদ্ধিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তিনিবছৰীয়া কাৰ্যকালৰ কৃতকাৰ্যতা আৰু সফল নীতি ৰূপায়ণক প্ৰতিনিধিত্ব কৰিছে৷নিবনুৱা সমস্যা সমাধান আৰু বছৰি ২কোটি চাকৰিৰ প্ৰতিশ্ৰুতি দি ক্ষমতাসীন হোৱা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই বিষয়ক লৈ নিমাতী কন্যাৰ ভূমিকা গ্ৰহণ কৰিছে৷১লাখ চাকৰিৰে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰিব বিচৰা চৰকাৰখনৰো বৰ্ধিত পৰিসংখ্যাই টোপনি হৰিছে৷

বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰখনে শিক্ষিত নিবনুৱাসকলৰ আত্মনিয়োজন,ব্যক্তিগত খণ্ডত নিয়োজন আৰু স্ব-নিয়োজনৰ ক্ষেত্ৰত ফলপ্ৰসূ আঁচনি ৰূপায়ণত ব্যৰ্থ হোৱাৰ বাবে এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি সচেতন মহলে ব্যক্ত কৰিছে৷এইবাবেই বৰ্তমান অসমত নিবনুৱাৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷