NORTHEAST NOW (Assamese)

তিনিচুকীয়াত মোদীৰ জন্মদিনৰ কেক কাটিবলৈ অস্বীকাৰ কৰিলে হিমন্ত বিশ্বই

September 17, 2019 9:04 pm · অনুপ শৰ্মা
তিনিচুকীয়াত ৰেইলৱেইৰ অভাৰব্ৰিজৰ আধাৰশিলা স্থাপন কৰি থকা অৱস্থাত সোণোৱাল আৰু হিমন্ত। ফটোৰ উৎস : ফেইচবুক।

মন্ত্ৰী মোদীৰ ৬৯ সংখ্যক জন্মদিনটো বিজেপিয়ে গোটেই দেশজুৰি বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে উদযাপন কৰাৰ সময়তে মন্ত্ৰী হিমন্তই তিনিচুকীয়া জিলাত এই উপলক্ষে প্ৰস্তুত কৰা কেক কাটিবলৈ অস্বীকাৰ কৰে।

তিনিচুকীয়াৰ গোলাব চন্দ্ৰ নাট্য মন্দিৰত অনুষ্ঠিত এখন সভাৰ মাজতে মোদীৰ জন্মদিন পালন কৰাৰ বাবে দলীয় কৰ্মীসকলে মঞ্চলৈ এটা কেক লৈ আহে।

কিন্তু মন্ত্ৰী হিমন্ত বিশ্বই কেকটো কাটিবলৈ অমান্তি হয় আৰু মুখ্য মন্ত্ৰীকো সেইটো নকৰিবলৈ অনুৰোধ কৰে।

কেকটোত মোদীৰ ফটো অংকন কৰি থোৱা বাবেই মন্ত্ৰীজনে সেইটো কৰে বুলি জানিবলৈ দিয়ে।

“আমি নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে এটা কেক কটাৰ কথা ভাবিছিলো। কি্ন্তু কেকটো যিজনে বনাইছিল, তেওঁ নিজৰ ভালপোৱা থকা বাবেই মোদীৰ ছবি ইয়াত অংকন কৰি দিলে”, হিমন্তই পিছত কয়।

তেওঁ তাৰ পিছত কয়, “আমি কেকটো কাটিব নোৱাৰো, কাৰণ আমাৰ নেতাজনৰ ছবিখন কাটিব নোৱাৰো।”

তেওঁ নিজে কেকটো কটাৰ পৰা বিৰত থকাৰ লগতে একেটা কাৰণতে মুখ্য মন্ত্ৰীকো তেনে নকৰিবলৈ অনুৰোধ কৰে।

প্ৰধান মন্ত্ৰীয়ে ইতিপূৰ্বে কেক কটাতকৈ তেওঁৰ জন্মদিন উদযাপন হিচাপে জনগণৰ সেৱা আগ বঢ়োৱাত গুৰুত্ব দিবলৈ আহ্বান জনোৱা বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্তই।

মুখ্য মন্ত্ৰীৰ সৈতে আজি হিমন্ত বিশ্বই এখন ৰেইলৱেই অ’ভাৰ ব্ৰিজৰ আধাৰশিলা স্থাপন কৰিবৰ বাবে তিনিচুকীয়াত উপস্থিত আছিল। হিমন্তই অ’ভাৰ ব্ৰিজখনক মোদীলৈ জন্মদিনৰ উপহাৰ আখ্যা দিয়ে।

 

Related News