১৯৯১ৰ পৰা বিজেপি কৰা ৰাজেন গোহাঁইক শিক্ষা দিলে ‘ন-বিজেপি’ হিমন্তই

ৰাজেন গোহাঁই! ৩দশকৰো অধিক কাল বিজেপিৰ লগত জড়িত এজন বৰ্ষীয়ান নেতা৷নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ হোৱাৰ পাছত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ তদন্তৰ পৰা বাছিবলৈ একাংশ ক্ষমতালোভীয়ে বিজেপিত যোগদান কৰাৰ পূৰ্বেই ৰাজেন গোহাঁই-এ দলটোক সেৱা আগবঢ়াই আহিছে৷১৯৯১চনৰ পৰা বিজেপিত সেৱা আগবঢ়াই অহা ৰাজেন গোহাঁইৰ পৰা দলৰ জ্যেষ্ঠ হিচাপে সমালোচনা কৰাৰ অধিকাৰো কাঢ়ি নিবলৈ উদ্যত হৈছে ২০১৫ চনত বিজেপিত যোগদান কৰা ‘ন-বিজেপি’ ড° হিমন্ত বিশ্ব শৰ্মা৷

অষ্টাদশ লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত ৰাজেন গোহাঁই-এ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷গোহাঁই-এ মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপি ধ্বংস হৈছিল বুলি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷ইপিনে গোহাঁইৰ এই মন্তব্যৰ পাছত উভতি ধৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

ড° শৰ্মাই কয় যে, জয়ন্ত মল্ল বৰুৱাই বিজেপিক ৬০ হেজাৰ ভোট বেছিকৈ দিলে। তাৰ মানে তেওঁ বিজেপিত খুঁটি পুতি বহি ল’লে। পৰমা ৰাজবংশীয়ে ১ লাখ ১১ হেজাৰ ভোট দিলে, মানে তেওঁ বিজেপিত খুঁটি পুতি বহি ল’লে। ইয়াৰ পাছত কোনোবাই নতুন-পুৰণিৰ কথা ক’লে দলটোৰহে ক্ষতি হ’ব আৰু কংগ্ৰেছৰ সহায় হ’ব। গতিকে যিসকলে এনেধৰণৰ কথা কৈ থাকে, তেওঁলোকে প্রতিটো নির্বাচনতে কয়। গতিকে তেওঁলোকে যে বিজেপিক ভোট দিছে, তাত সন্দেহ আছে। তেওঁলোকে অন্য সময়ত নতুন- পুৰণিৰ কথা কৈ থাকে। কিন্তু মোদীৰ নিৰ্বাচনত এনেধৰণৰ কথা ক’ব নালাগে। তাৰ মানে তেওঁলোক মোৰ শত্রু নহয়, একেবাৰে গুৰিজনৰে শত্রু তেওঁলোক। দহ বছৰ বিজেপি কৰাৰ পাছত নতুন-পুৰণিৰ কথা আহিব নোৱাৰে। ৯৩ টা বিধানসভা সমষ্টিত বিজেপিক সর্বাধিক ভোট দিয়াৰ পাছত নতুন-পুৰণিৰ কথা আহিব পাৰে নে কি বুলিও মুখ্যমন্ত্রীয়ে প্রশ্ন কৰে।