NORTHEAST NOW (Assamese)

আদানী কাণ্ড ‘ফাদিল কৰা’ হিণ্ডেনবাৰ্গ ৰিচাৰ্চ বন্ধ হৈ গ’ল! কাৰণো জনালে সংস্থাটোৰ মুৰব্বীয়ে

January 16, 2025 12:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 16, 2025 12:51 pm

তেওঁলোকে প্ৰকাশ কৰা প্ৰতিবেদনৰ বাবেই “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ” উদ্যোগপতি গৌতম আদানীয়ে সমস্যাত পৰিছিল। বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিৰ মাধৱী পুৰী বুচৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল যে তেওঁ আদানী গোষ্ঠীক শ্বেয়াৰৰ মূল্য “বঢ়াই” দেখুওৱাৰ তদন্তত সহায় কৰিছিল। এইবাৰ বন্ধ হ’বলৈ আগবাঢ়িছে আমেৰিকাৰ সেই ষ্টক মাৰ্কেট বিশ্লেষক তথা কৰ্পৰেট তথ্য গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চ!

সংস্থাটোৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী নাথান এণ্ডাৰছনে বৃহস্পতিবাৰে কয় যে ‘আমি আমাৰ লক্ষ্যত উপনীত হ’লোঁ।‘ তেওঁ লগতে কয় যে হিণ্ডেনবাৰ্গ তেওঁৰ জীৱনৰ এটা অধ্যায়, সম্পূৰ্ণ জীৱন হয়। তেওঁ ভালদৰে বিবেচনা কৰিয়েই এই সিদ্ধান্ত লৈছে। নাথামৰ যুক্তি যে কামৰ বোজাৰ বাবে তেওঁ ব্যক্তিগত জীৱনত সময় দিব পৰা নাছিল। জীৱনত ভাৰসাম্য আনিবলৈ তেওঁ এতিয়াৰ বাবে কোম্পানীটো বন্ধ কৰি দিছে। কিন্তু তেওঁৰ হঠাৎ এই সিদ্ধান্তৰ আঁৰত কিবা ‘প্ৰভাৱ’ আছিল নেকি সেই লৈ ইতিমধ্যে বিতৰ্ক আৰম্ভ হৈছে।

উল্লেখ্য যে ২০২৩ চনৰ আৰম্ভণিতে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানি গোষ্ঠীটোক শ্বেয়াৰৰ মূল্যত প্ৰৱঞ্চনা কৰা আৰু কৰ ফাঁকিকে ধৰি অবৈধ বিত্তীয় লেনদেনত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াকে লৈ বিৰোধীয়ে ধাৰাবাহিকভাৱে কেন্দ্ৰক লক্ষ্য কৰি আহিছিল। জেপিচি (যুটীয়া সংসদীয় সমিতি)ৰ তদন্তৰ দাবীও উঠিছিল।

আদানী কাণ্ডই শ্বেয়াৰ বজাৰত কি প্ৰভাৱ পেলাব সেয়া খতিয়াই চাবলৈ উচ্চতম ন্যায়ালয়ে এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল। কিন্তু সেই তদন্তত আদানীগোষ্ঠীৰ বিৰুদ্ধে কোনো অভিযোগ প্ৰমাণিত নহ’ল। বৃহস্পতিবাৰে হিণ্ডেনবাৰ্গ বন্ধ কৰাৰ ঘোষণাৰ পিছতে বজাৰত আদানীৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পায়।

Related News