• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়ম উলংঘা কৰি মুখ্যমন্ত্ৰীৰ সৈতে আধ্যাত্মিক গুৰু জাগ্গী বাসুদেৱৰ নৈশ চাফাৰী , তীব্ৰ প্ৰতিক্ৰিয়া, এজাহাৰ দাখিল

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 25, 2022 9:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত চাফাৰী কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আধ্যাত্মিক গুৰু জাগ্গী বাসুদেৱ।

অসম চৰকাৰে আয়োজন কৰা তিনিদিনীয়া চিন্তন শিবিৰ উদ্বোধন কৰিবলৈ কাজিৰঙাত উপস্থিত হোৱা সাধুগুৰুৱে শনিবাৰে নিশা মিহিমুখৰ পৰা এখন জীপেৰে ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত নিয়ম উলংঘা কৰি চাফাৰীৰ নেতৃত্ব দিয়ে।

আধ্যাত্মিক গুৰুজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু উদ্যান আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় পৰিসৰত নিশা নিয়ম উলংঘা কৰি চাফাৰী কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৱেবছাইট অনুসৰি, উদ্যানখনত পুৱা ৮ বজাৰ পৰা পুৱা ১০ বজালৈ আৰু দুপৰীয়া ২ বজাৰ পৰা আবেলি ৪ বজালৈহে জীপ আৰু হাতী চাফাৰী কৰিব পাৰা যায়।

নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক ৰাষ্ট্ৰীয় উদ্যান খনৰ এগৰাকী বিষয়াই কয় যে উদ্যানৰ বিষয়া আৰু কৰ্মচাৰীৰ বাহিৰে আন কাকো সন্ধিয়া ৫ বজাৰ পিছত উদ্যানৰ ভিতৰত সোমাবলৈ অনুমতি দিয়া নহয়।

কিন্তু সাধু আৰু মুখ্যমন্ত্ৰীয়ে সেই নিয়ম উলংঘা কৰি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাফাৰী কৰাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। এই প্ৰসংগত উদ্বেগ প্ৰকাশ কৰি বন্যপ্ৰাণী কৰ্মী মুবিনা আখটাৰে সাধগুৰুৰ বিৰুদ্ধে বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ আৰু পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ৰ ধাৰা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে।

“এয়া বন্যপ্ৰাণী সংৰক্ষণ প্ৰটোকলৰ এক নিৰ্লজ্জ উলংঘন। সদগুৰুৱে নিজকে এজন পৰিৱেশবিদ হিচাপে দাবী কৰে, বন্যপ্ৰাণী সুৰক্ষাৰ নিয়মৰ বিষয়ে তেওঁৰ মৌলিক ধাৰণা নাই নেকি?” আখটাৰে প্ৰশ্ন কৰে। তেওঁ মুখ্যমন্ত্ৰী শৰ্মাকো আইনৰ বিধান উলংঘা কৰাৰ বাবে সমালোচনা কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাক্তন সঞ্চালক সুৰজিৎ দত্তই কয় যে নিশাৰ চাফাৰী বন্যপ্ৰাণীৰ বাবে ঘতিকাৰক কথা।
“এয়া উদ্যানখনৰ বন্যপ্ৰাণীৰ বাবে ভাল কথা নহয়।এনে কাৰ্যই বন্যপ্ৰাণীৰ শান্তি বিঘ্নিত কৰিব পাৰে। যেতিয়া মোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিযুক্তি দিয়া হৈছিল, সন্ধিয়া ৫ বজাৰ পিছত চাফাৰীৰ অনুমতি দিয়াৰ কোনো নিয়ম নাছিল। এতিয়া কি চৰ্তত অনুমতি দিয়া হৈছে, মই নাজানো,” দত্তই কয়।

His blessings are special. His teachings, extraordinary.

Revered @SadhguruJV, in whose presence Kaziranga National Park opened today for tourists, has a special message to save precious Rhinos. And indeed he enjoyed the Jeep Safari.

Tourism Min Shri @jayanta_malla accompanied. pic.twitter.com/0donjtW9Vy

— Himanta Biswa Sarma (@himantabiswa) September 24, 2022

উল্লেখ কৰিব পাৰি যে, চলিত বৰ্ষৰ জুলাই মাহত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষই মধ্য প্ৰদেশ চৰকাৰক ৰাজ্যখনৰ বাঘ সংৰক্ষিত অঞ্চলত নিশাৰ চাফাৰী বন্ধ কৰিবলৈ কৈছিল । কিয়নো ই বন্যপ্ৰাণীৰ ক্ষেত্ৰত নানান বাধাৰ সৃষ্টি কৰে।

এনটিচিএ-য়ে ৰাজ্যৰ বন বিভাগলৈ লিখা এখন পত্ৰত কৈছিল যে নিশাৰ চাফাৰীয়ে বন্যপ্ৰাণী বাস কৰা অঞ্চলত শব্দৰ সৃষ্টি কৰে।

“বাহনৰ পোহৰৰ বাবে জন্তুবোৰ শংকিত হয়। এইবোৰে জীৱ-জন্তুবোৰক চাপত পেলায়। কিয়নো সিঁহত প্ৰাকৃতিক পোহৰতহে অভ্যস্ত,” এনচিটিএ-য়ে উল্লেখ কৰিছিল। কিন্তু সেই সকলো বাধা-নিষেধৰ কথা যেন পাহৰি গ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন লোকসকলে।

উল্লেখ্য নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ বাবে সংশ্লিষ্ট ব্যক্তিসকলৰ বিৰুদ্ধে সোনেশ্বৰ নৰহ আৰু প্ৰদীপ পেগুৱে দেওবাৰে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd