আকৌ সাম্প্ৰদায়িক কৰ্ম সংঘটিত কৰিলে হিন্দুত্ববাদি দুৰ্বিত্তই। জয় শ্ৰীৰাম নোকোৱাৰ বাবেই দিলী-প্ৰতাপগড় পদ্মাৱতী এক্সপ্ৰেছত শাৰীৰিকভাবে নিৰ্যাতন কৰা হ’ল মুছলমান যুৱকক। মুৰাদাবাদত চলন্ত ৰেলতেই সংঘটিত কৰিলে এই অমানৱীয় কাণ্ড।
আছিম হুছেইন নামৰ এজন যুৱকক চোৰ বুলি ধৰি লৈ জয়শ্ৰী ৰাম ধ্বনি দিবলৈ বাধ্য কৰে দুৰ্বিত্তৰ এটা দলে। লগতে যুৱকজনৰ পৰা কাঢ়ি লয় ধন। মুছলমান যুৱকজনে জয় শ্ৰীৰাম ধ্বনি নিদিয়াৰ বাবেই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে দুৰ্বিত্তৰ দলটোৱে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মাৰপিটৰ ঘটনাৰ সমগ্ৰ দৃশ্য।
উল্লেখ্য যে যোৱা বৃ্হস্পতি বাৰে এই ঘটনা সংঘটিত হোৱাৰ পিছতে ভুক্তভোগী আছিম হুছেইনে যোৱা শুকুৰবাৰে ৰে’লৱে আৰক্ষীক দাখিল কৰিছে এখন এজাহাৰ।
আছিম হুছেইনৰ এজাহাৰৰ আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’ৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনাৰে জড়িত দুই যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷
ধৃত যুৱকদ্বয় চতীশ কুমাৰ আৰু সুৰুয বুলি সদৰী কৰিছে ৰে’লৱে আৰক্ষীয়ে ৷
ঘটনাৰে জড়িত আন আনসকলৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
এতিয়া প্ৰশ্ন হয়, কাৰ সাহসত এনে সাম্প্ৰদায়িক বিষবাস্প বিয়পাই দিবলৈ সক্ষম হৈছে এইসকল উত্তাৱল হিন্দুত্ববাদী? হিন্দুত্ববাদী শাসকৰ ক্ষমতাৰে বলিয়ান হৈ অন্ধ হৈ পৰিছে দেশ একাংশ যুৱক। নে প্ৰতিবাৰে নিৰ্বাচনৰ আগে আগে দেশৰ চুকে কোণে হোৱা সাম্প্ৰদায়িক হিংসাৰ দৰে এই ঘটনাও ২০২৪ চনৰ লোক সভাৰ নিৰ্বাচনী ৰাজনীতিৰ অংগ নেকি ?