সুদৰ্শন থিয়েটাৰৰ বেনাৰ আৰু পুত্তলিকা জ্বলালে হিন্দু জাগৰণ মঞ্চই

42361352_902451563478960_5337550665570844672_n

ৰাজ্যখনৰ সাংস্কৃতিক জগতখনৰ গতিবিধিৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন দল-সংগঠনে দৃষ্টি ৰাখি সমালোচনাৰ লক্ষ্য কৰি আহিলেও ৰাজপথত ৰোষৰ সন্মুখীন হোৱাৰ উদাহৰণ তেনেই তাকৰ। অসমৰ ভ্ৰাম্যমাণ নাট্যজগতে দৰ্শকৰ ব্যাপক সমাদৰ লাভ কৰি অহা নলবাৰীতে বিশেষ এটা সংগঠনৰ ৰোষৰ বলি হ’ল ভ্ৰম্যমাণ জগতত মাত্ৰ কেইটামান বছৰ আগেয়ে ভুমুকি মৰা সুদৰ্শন থিয়েটাৰে।

দেওবাৰে নলবাৰীত সুদৰ্শন থিয়েটাৰৰ বেনাৰ আৰু পুত্তলিকা জ্বলাই হিন্দু জাগৰণ মঞ্চৰ নলবাৰী জিলা সমিতিয়ে প্ৰতিবাদ সাৱ্যস্ত কৰে। সংগঠনটোৰ কৰ্মীসকলে থিয়েটাৰখনৰ এখন বিশেষ নাটকৰ বেনাৰৰ লগতে থিয়েটাৰখনৰ প্ৰযোজক আৰু নাটকখনৰ নাট্যকাৰজনৰ পুত্তলিকা দাহ কৰে।

সুদৰ্শন থিয়েটাৰে এইবাৰ তেওঁলোকৰ নাট্যবৰ্ষত নাট্যকাৰ পল্লৱ পৱন ৰচিত ‘বেইমান ভগৱান’ নামৰ নাটক এখন মঞ্চস্থ কৰিছে আৰু নাটকখনে দৰ্শকৰ মাজত কিছু চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু ‘বেইমান ভগৱান’ শীৰ্ষক নাটখনৰ প্ৰদৰ্শনত তীব্ৰ আপত্তি দৰ্শাইছে হিন্দু জাগৰণ মঞ্চ নামৰ সংগঠনটোৱে।

হিন্দু জাগৰণ মঞ্চৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰৰ মাজমজিয়াত দেওবাৰে সুদৰ্শন থিয়েটাৰৰ এই বছৰৰ ‘বেইমান ভগৱান’ শীৰ্ষক অন্যতম নাটখন বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰাৰ লগতে নাটকখনৰ বেনাৰ জ্বলাই দিয়ে। সংগঠনটোৰ সদস্যসকলে লগতে থিয়েটাৰখনৰ প্ৰযোজক ক্ষীৰোদ খনিকৰ আৰু নাটখনৰ নাট্যকাৰ পল্লৱ পৱনৰ পুত্তলিকাও দাহ কৰে।