• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু ধৰ্মীয় লোকৰ সংখ্যাই খিলঞ্জীয়া অসমীয়াক নবচায় : অখিল গগৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 21, 2019 9:57 pm
Akhil Gogoi

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত ৭০টা সংগঠনৰ প্ৰতিনিধিৰ সংবাদমেলত অখিল গগৈ। ২১ জানুৱাৰিত। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে অসমৰ খিলঞ্জীয়া ৰাইজে কৰি থকা প্ৰতিবাদৰ বিপৰীতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি কেইবাজনো নেতাই অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে হিন্দু বাংলাদেশীক সংস্থাপনৰ পক্ষত যুক্তি প্ৰদৰ্শন কৰি আহিছে। একেই সুৰতে সুৰ মিলাইছে আৰ এছ এছেও।

বিজেপি-আৰ এছ এছে ‘হিন্দু ৰাষ্ট্ৰ’ৰ স্বপ্নৰে অসমৰ খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ এই যুক্তিক ভিত্তিহীন আখ্যা দি ‘হিন্দু ধৰ্মই অসমীয়াৰ অস্তিত্বক সুৰক্ষা নিদিয়ে’ বুলি দৃঢ়ভাৱে মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

দেওবাৰে গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৭০টা জাতীয়-জনগোষ্ঠীয় আৰু সামাজিক সংগঠনৰ এখন সংবাদমেলত এই কথা কয় অখিল গগৈয়ে।

তেওঁ ইয়াৰ জ্বলন্ত উদাহৰণ ৮৩.৪০ শতাংশ হিন্দু জনসংখ্যা থকা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ জনগাঁথনি আৰু ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মৰ্মবেদনাৰ পৰাই ইয়াৰ উমান পাব পাৰি বুলি উল্লেখ কৰে।

তেওঁ কয়, “২০১১ চনৰ লোকপিয়ল মতে ত্ৰিপুৰাত ৮৩.৪০ % হিন্দু জনসংখ্য থকাৰ পাছতো থলুৱা ত্ৰিপুৰীসকলৰ অস্তিত্ব সুৰক্ষিত নহ’ল। তেওঁলোক জনজাতি হোৱাৰ পাছতো তেওঁলোকৰ মাটিৰ অধিকাৰ, অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ, ভাষাৰ অস্তিত্ব সকলো নিঃশেষ হৈ গ’ল। হিন্দু ধৰ্মৰ আধিপত্য থকাৰ পাছতো ত্ৰিপুৰী জাতি নাবাচিল”।

উল্লেখ্য যে, ২০১১ চনৰ লোকপিয়ল মতে ত্ৰিপুৰাত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা ৮.৬০%, খ্ৰীষ্টান ৪.৩৫% আৰু ০.০৩%শিখ ধৰ্মাৱলম্বী লোক আছে।

একেদৰে অখিল গগৈয়ে দাঙি ধৰা তথ্য অনুসৰি ১৮৮১ চনত ভাৰতত হোৱা প্ৰথমটো লোকপিয়লত ত্ৰিপুৰাৰ থলুৱা মানুহৰ সংখ্যা আছিল ৮৭.০৬%। তেতিয়া তাত বাংলাভাষী মানুহৰ সংখ্যা আছিল ১২.৯৪%। ইয়াৰ পৰৱৰ্তী ১৯৫১ চনৰ লোকপিয়লত ত্ৰিপুৰাৰ থলুৱা মানুহৰ সংখ্যা হ’লগৈ ৪৮.৫৬% আৰু বংগমূলীয় লোকৰ সংখ্যা হ’ল ৫১.৩৫%। শেহতীয়াভাৱে ২০১১ চনৰ লোকপিয়ল অনুসৰি ত্ৰিপুৰাত মাত্ৰ ৩১.৭৮%  থলুৱা ত্ৰিপুৰী লোকৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা ৬৮.২১%।

অসমতো হিন্দু ধৰ্মৰ আধিপত্যই কেতিয়াও অসমৰ জাতি-জনজাতি, খিলঞ্জীয়া লোকৰ প্ৰভুত্ব কেতিয়াও সুৰক্ষিত নকৰে তাৰ বিপৰীতে ত্ৰিপুৰাৰ দৰে অসমকো নিঃশেষহে কৰিব বুলি অখিল মন্তব্য কৰে।

তেওঁ লগতে কয় যে ত্ৰিপুৰাত এতিয়া খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ পৰা এটা বা দুটা মন্ত্ৰী পদ পোৱাৰ বাবে চিন্তা কৰিব লগীয়া হয়। একেদৰে খিলঞ্জীয়া ত্ৰিপুৰীসকলে এটা সমদল উলিয়াব নোৱৰা অৱস্থা হোৱাৰ কথাও তেওঁ দোহাৰে। ইয়াৰ উপৰি ত্ৰিপুৰাৰ ককবৰক ভাষাটোও এতিয়া বিধান সভা তথা কাৰ্যালয়ত ব্যৱহাৰ নোহোৱা হৈ যোৱা বাবে নিঃশেষ হৈ যোৱাৰ কথাও তেওঁ উল্লেখ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd