‘কালী’ পোষ্টাৰ বিতৰ্ক: চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইক শিৰচ্ছেদৰ ভাবুকি হিন্দু সন্তৰ

kali poster controversy

শেহতীয়াকৈ সমগ্ৰ দেশতে ‘কালি’ শীৰ্ষক এখন তথ্যচিত্ৰৰ পোষ্টাৰে তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে। এই বিশেষ পোষ্টাৰখনত হিন্দু ধৰ্মাৱলম্বী লোকৰ আৰাধ্যা কালী দেৱীক ধূমপান কৰি থকা দেখিবলৈ পোৱা গৈছে।

এই পোষ্টাৰখন মুকলি কৰাৰ পিছতে তথ্যচিত্ৰখনৰ নিৰ্মাতা লীনা মণিমেকলাই তীব্ৰ বিষোদগাৰৰ সন্মুখীন হৈছে। হিন্দু ধৰ্মক অপমান কৰাৰ দোহাই দি চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে।

কিন্তু এই সকলোবোৰৰ উৰ্দ্ধত এইবাৰ লীনা মণিমেকলাইক মুকলিকৈ হত্যাৰ ভাবুকি দিছে এগৰাকী হিন্দু ধৰ্মীয় সন্তই। অযোধ্যাৰ হনুমান গড়ী মন্দিৰৰ ৰাজু দাস মহন্ত নামৰ সন্ত গৰাকীয়ে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক ৰাজহুৱাকৈ শিৰচ্ছেদৰ ভাবুকি প্ৰদান কৰিছে।

ৰাজু দাস মহন্তই কয়, “শেহতীয়া ঘটনাবোৰ চাওক। যেতিয়া নুপুৰ শৰ্মাই সঠিক কথা কৈছিল, ই ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে জুইৰ সৃষ্টি কৰিছিল। কিন্তু এতিয়া সনাতন ধৰ্মক কিয় অপমান কৰা হৈছে? আপুনি আপোনাৰ শৰীৰৰ পৰা শিৰ পৃথক হোৱাটো বিচাৰে নেকি?”

হিন্দু সন্ত গৰাকীয়ে চলচ্চিত্ৰখনৰ পোষ্টাৰক গৰিহণা দি তথ্যচিত্ৰ খন সনাতন ধৰ্ম আৰু হিন্দু দেৱ-দেৱীৰ প্ৰতি অপমান বুলি অভিযোগ কৰে। তথ্যচিত্ৰখন নিষিদ্ধ কৰাৰ লগতে নিৰ্মাতা লীনা মণিমেকলাইৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈও তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক আহ্বান জনাইছে।

উল্লেখ্য যে কালী শীৰ্ষক তথ্যচিত্ৰখনৰ ট্ৰেইলাৰত এগৰাকী মহিলাক দেৱী কালীৰ পোছাক পৰিধান কৰি থকা দেখা গৈছে। মূল পোষ্টাৰখনত কালীৰ সচৰাচৰ ছবিত দেখাৰ দৰেই হাতত ত্ৰিশূল আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ লৈ থকা দেখিবলৈ পোৱা গৈছে।

আনহাতে দেৱী ৰূপী চৰিত্ৰটিক এখন হাতেৰে চিগাৰেট খাই থকা দৃশ্যও পোষ্টাৰখনত সংযোগ কৰা হৈছে। লগতে দেৱীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীক LGBTQ+ সকলৰ গৌৰৱৰ পতাকা ধৰি থকা দেখুওৱা হৈছে।

লীনা মণিমেকলাইৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কঠোৰতম ব্যৱস্থা গ্ৰহণ নকৰিলে বা চিনেমাখন নিষিদ্ধ নকৰিলে এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰা হ’ব বুলিও সকীয়াই দিছে ৰাজু দাস মহন্তই।

চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে যদি এতিয়াও ক্ষমা বিচাৰে, তেওঁ ক্ষমা কৰিব পাৰি বুলি মহন্ত ৰাজু দাসে মন্তব্য কৰিছে। সন্ত গৰাকীয়ে লগতে একপ্ৰকাৰে আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি প্ৰত্যাহ্বান জনাইকয়, “যদি গৃহ মন্ত্ৰালয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে বা যদি চিনেমাখন মুক্তি পায়, আমি এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিম যে চম্ভালিবলৈ কঠিন হ’ব।”