NORTHEAST NOW (Assamese)

CAA ৰ প্ৰতিবাদ; সমৰ্থনত ৰাজ্যপালক বক্তৱ্য ৰখাত বাধা ইতিহাসবিদৰ

December 29, 2019 12:04 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী আইন তথা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে দেশৰ সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ মাজতে কেৰালাৰ কন্নুৰ বিশ্ববিদ্যালয়ত চলি থকা “ইণ্ডিয়ান হিষ্টৰী কংগ্ৰেছ’ৰ মঞ্চতো তাৰ প্ৰতিফলন ঘটিল।

মঞ্চত উদ্বোধনী ভাষণ দি থকা অৱস্থাত কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে তেওঁৰ ভাষণ বন্ধ ৰাখিবলৈ একপ্ৰকাৰ বাধ্য হ’ল।

ইণ্ডিয়ান হিষ্টৰী কংগ্ৰেছৰ মঞ্চত শনিবাৰে উদ্বোধনী ভাষণত ৰাজ্যপাল খানে কা আৰু এন আৰ চিৰ সমৰ্থনত বক্তৱ্য ৰাখি এই সন্দৰ্ভত দেশ বিভাজন আৰু কাশ্মীৰ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰিছিল।

পিচে, ৰাজ্যপালগৰাকীৰ উক্ত বক্তৱ্যক উত্তেজনাপূৰ্ণ বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে। সেই সময়ত মঞ্চত উপস্থিত থকা ইতিহাসবিদ ইৰফান হাবিবেও ৰাজ্যপালৰ বক্তৱ্যৰ প্ৰতিবাদ কৰা দেখা গ’ল।

এইদৰেই কান্নুৰ বিশ্ববিদ্যালয়ৰ ৮০ সংখ্যক ইণ্ডিয়ান হিষ্টৰী কংগ্ৰেছৰ উদ্বোধনী অনুষ্ঠানক লৈ বিতৰ্কত সোমাই পৰিল। সেই বিতৰ্কত জড়িত হৈ পৰিল ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ইতিহাসবিদ ইৰফান হাবিব।

উদ্বোধনী ভাষণত ৰাজ্যপালে কা আৰু কাশ্মীৰ প্ৰসংগ টানি আনি কয় যে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱে দেশ বিভাজনৰ পাছত পাকিস্তানত থকা অমুছলমানসকলক যি প্ৰতিশ্ৰুতি দিছিল নাগৰিকত্ব সংশোধনী আইনে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছে।

তেওঁ কয় যে দেশবিভাজনৰ ফলত কেৰালা ক্ষতিগ্ৰস্ত হোৱা নাই। কিন্তু যিসকল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ প্ৰতি ইয়াৰ মানুহৰ সহানুভুতি আছে। আনকি তেওঁলোকে কোনো বিষয় নজনাকৈয়ে  প্ৰতিবেশীসকলে যেতিয়া প্ৰতিবাদত নামে তেতিয়া তাত যোগদান কৰে। দেশ বিভাজনৰ ঘটনাই প্ৰধানকৈ উত্তৰ ভাৰতৰ লোকৰ মনত আঘাত দিছিল। ৰাজ্যপালে ইয়াৰ লগতে মৌলানা আব্দুল কালাম আজাদৰ বক্তৱ্য উদ্ধৃত কৰে।

এনে সময়তে হঠাতে নিজৰ আসনৰ পৰা উঠি আহে ইতিহাসবিদ ইৰফান হাবিব। তেওঁ ৰাজ্যপালক মহাত্মা গান্ধী বা নেহৰুৰ সলনি নাথুৰাম গডছেৰ বক্তৱ্য উদ্ধৃত কৰা উচিত বুলি কটাক্ষ কৰে।

ইয়াৰ লগে লগে প্ৰতিবাদ কৰি উঠে তাত উপস্থিত থকা শিক্ষাৰ্থীসকলো। ইয়াৰ লগে লগে ৰাজ্যপালৰ নিৰাপত্তাৰক্ষী আহি ইতিহাসবিদ হাবিবক অঁতৰাই লৈ যায়।

আৰক্ষীয়ে শিক্ষাৰ্থীসকলৰ মাজৰ পাঁচজনক আটক কৰে। ঘটনাৰ সময়ত ৰাজ্যপালৰ নিৰাপত্তাৰক্ষীয়ে হাবিবৰ গাত হাত দিয়াৰো অভিযোগ উঠিছে।

ইপিনে ৰাজ্যপালৰ অফিচিয়েল টুইটাৰত ঘটনাৰ বাবে ইতিহাসবিদ হাবিবকে জগৰীয়া কৰিছে।

Related News