DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CAA ৰ প্ৰতিবাদ; সমৰ্থনত ৰাজ্যপালক বক্তৱ্য ৰখাত বাধা ইতিহাসবিদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2019 12:04 pm
Kerala-Governor-Faces-Protests
654
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইন তথা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে দেশৰ সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ মাজতে কেৰালাৰ কন্নুৰ বিশ্ববিদ্যালয়ত চলি থকা “ইণ্ডিয়ান হিষ্টৰী কংগ্ৰেছ’ৰ মঞ্চতো তাৰ প্ৰতিফলন ঘটিল।

মঞ্চত উদ্বোধনী ভাষণ দি থকা অৱস্থাত কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে তেওঁৰ ভাষণ বন্ধ ৰাখিবলৈ একপ্ৰকাৰ বাধ্য হ’ল।

ইণ্ডিয়ান হিষ্টৰী কংগ্ৰেছৰ মঞ্চত শনিবাৰে উদ্বোধনী ভাষণত ৰাজ্যপাল খানে কা আৰু এন আৰ চিৰ সমৰ্থনত বক্তৱ্য ৰাখি এই সন্দৰ্ভত দেশ বিভাজন আৰু কাশ্মীৰ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰিছিল।

পিচে, ৰাজ্যপালগৰাকীৰ উক্ত বক্তৱ্যক উত্তেজনাপূৰ্ণ বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে। সেই সময়ত মঞ্চত উপস্থিত থকা ইতিহাসবিদ ইৰফান হাবিবেও ৰাজ্যপালৰ বক্তৱ্যৰ প্ৰতিবাদ কৰা দেখা গ’ল।

এইদৰেই কান্নুৰ বিশ্ববিদ্যালয়ৰ ৮০ সংখ্যক ইণ্ডিয়ান হিষ্টৰী কংগ্ৰেছৰ উদ্বোধনী অনুষ্ঠানক লৈ বিতৰ্কত সোমাই পৰিল। সেই বিতৰ্কত জড়িত হৈ পৰিল ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ইতিহাসবিদ ইৰফান হাবিব।

উদ্বোধনী ভাষণত ৰাজ্যপালে কা আৰু কাশ্মীৰ প্ৰসংগ টানি আনি কয় যে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱে দেশ বিভাজনৰ পাছত পাকিস্তানত থকা অমুছলমানসকলক যি প্ৰতিশ্ৰুতি দিছিল নাগৰিকত্ব সংশোধনী আইনে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছে।

তেওঁ কয় যে দেশবিভাজনৰ ফলত কেৰালা ক্ষতিগ্ৰস্ত হোৱা নাই। কিন্তু যিসকল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ প্ৰতি ইয়াৰ মানুহৰ সহানুভুতি আছে। আনকি তেওঁলোকে কোনো বিষয় নজনাকৈয়ে  প্ৰতিবেশীসকলে যেতিয়া প্ৰতিবাদত নামে তেতিয়া তাত যোগদান কৰে। দেশ বিভাজনৰ ঘটনাই প্ৰধানকৈ উত্তৰ ভাৰতৰ লোকৰ মনত আঘাত দিছিল। ৰাজ্যপালে ইয়াৰ লগতে মৌলানা আব্দুল কালাম আজাদৰ বক্তৱ্য উদ্ধৃত কৰে।

Shri #IrfanHabib tried on stage to disrupt inaugural address questioning Hon’ble Governor’s right to quote #MaulanaAbdulKalamAzad, shouting that he should quote Godse.He pushed Hon’ble Governor’s ADC&SecurityOfficer, who prevented his unseemly gesture #IndianHistoryCongress pic.twitter.com/P7hA2HZQg8

— Kerala Governor (@KeralaGovernor) December 28, 2019

এনে সময়তে হঠাতে নিজৰ আসনৰ পৰা উঠি আহে ইতিহাসবিদ ইৰফান হাবিব। তেওঁ ৰাজ্যপালক মহাত্মা গান্ধী বা নেহৰুৰ সলনি নাথুৰাম গডছেৰ বক্তৱ্য উদ্ধৃত কৰা উচিত বুলি কটাক্ষ কৰে।

ইয়াৰ লগে লগে প্ৰতিবাদ কৰি উঠে তাত উপস্থিত থকা শিক্ষাৰ্থীসকলো। ইয়াৰ লগে লগে ৰাজ্যপালৰ নিৰাপত্তাৰক্ষী আহি ইতিহাসবিদ হাবিবক অঁতৰাই লৈ যায়।

আৰক্ষীয়ে শিক্ষাৰ্থীসকলৰ মাজৰ পাঁচজনক আটক কৰে। ঘটনাৰ সময়ত ৰাজ্যপালৰ নিৰাপত্তাৰক্ষীয়ে হাবিবৰ গাত হাত দিয়াৰো অভিযোগ উঠিছে।

ইপিনে ৰাজ্যপালৰ অফিচিয়েল টুইটাৰত ঘটনাৰ বাবে ইতিহাসবিদ হাবিবকে জগৰীয়া কৰিছে।

Recent News

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd