NORTHEAST NOW (Assamese)

মহানৱমী উপলক্ষে শোণিতপুৰৰ ঐতিহাসিক লোক্ৰাৰ পূজাস্থলীত ম’হবলি

October 18, 2018 8:37 pm · মনিমালা বৰা

আজি মহানৱমী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৌল-দেৱালয়ৰ লগতে শোণিতপুৰ জিলাৰ লোক্ৰাৰ ঐতিহাসিক দুৰ্গা পূজাত সম্পন্ন কৰা হ’ল ম’হ বলি।

পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু মঙ্গলধ্বনিৰে সম্পন্ন হ’ল বলি বিধান কাৰ্য। ৪১বছৰীয়া ইতিহাসত ম’হ বলিৰে সাক্ষী হৈ ৰ’ল  ঐতিহাসিক লোক্ৰা বুঢ়াগাওঁ সাৰ্বজনীন দুৰ্গা পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ  সহস্ৰাধিক দৰ্শনাৰ্থীৰ সম্মুখত বুধবাৰে সন্ধিয়া ৫.৩০ মান বজাত  ম’হ বলি সম্পন্ন হয়।

আজি মহানৱমীৰ দিনা দিনটোতে উক্ত পূজাখনত মা দুৰ্গাৰ চৰণত ভক্তসকলে আগবঢ়োৱা হাঁহ,পাৰ,ছাগলী,কুঁহিয়াৰ, কোমোৰাৰ বলি আগবঢ়ায়।

Related News