উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: পুনৰীক্ষণ নোহোৱা পৰ্যন্ত স্থগিত থাকিব বিতৰ্কিত দেশদ্ৰোহ আইন

Supreme Court ‘pauses’ use of sedition law

বিতৰ্কিত দেশদ্ৰোহ আইনৰ অবাধ প্ৰয়োগত অৱশেষত লেকাম লগালে উচ্চতম ন্যায়ালয়ে। আজি এক ঐতিহাসিক ৰায়ত শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পুনৰীক্ষণ নোহোৱালৈকে বিতৰ্কিত দেশদ্ৰোহ আইন (ধাৰা 124 আইপিচি)ৰ ব্যৱহাৰ স্থগিত ৰাখে।

উচ্চতম ন্যায়ালয়ৰ যুগান্তকাৰী আদেশটোৱে ঔপনিৱেশিক যুগৰ আইনখনৰ অধীনত অভিযুক্ত হোৱা শ শ লোকৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাব।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত যিসকল লোকক ইতিপূৰ্বে ৰাজদ্ৰোহৰ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল তেওঁলোকে জামিনৰ বাবে আদালতৰ কাষ চাপিব পাৰে।

ৰাজদ্ৰোহ আইনৰ অধীনত কোনো নতুন এজাহাৰ দাখিল কৰা নহ’ব বুলিও শুনানিত ৰায়ত উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে।

তদুপৰি চৰকাৰে আইনখন পুনৰ বিবেচনা নকৰালৈকে দেশদ্ৰোহ আইনৰ অধীনত পূৰ্বৰ সকলো অমীমাংসিত গোচৰ স্থগিত ৰখা হ’ব।

এই ঐতিহাসিক ৰায় প্ৰদান কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই কয়, “পৰৱৰ্তী পুনৰীক্ষণ সমাপ্ত নোহোৱালৈকে আইনৰ এই ব্যৱস্থা ব্যৱহাৰ নকৰাটো উচিত হ’ব।”

তেওঁ লগতে কয়: “আমি আশা কৰোঁ যে কেন্দ্ৰ আৰু ৰাজ্যসমূহে ১২৪ এ (ৰাজদ্ৰোহ আইন)ৰ অধীনত যিকোনো এজাহাৰ পঞ্জীয়ন কৰাৰ পৰা বিৰত থাকিব।”

“আইনৰ অপব্যৱহাৰ প্ৰতিহত কৰিবলৈ ভাৰতীয় সংঘই ৰাজ্যসমূহক নিৰ্দেশনা প্ৰদান কৰাৰ স্বাধীনতা আছে।”- মুখ্য ন্যায়াধীশ ৰমনাই লগতে কয়।