ভাৰতৰ উচ্চতম ন্যায়ালয়ে শ্বৰীয়া আদালত, কাজী আদালত আৰু দাৰুল কাজাৰ দৰে সংস্থাৰ আইনী মান্যতা নাকচ কৰি এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে। ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু হাছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে স্পষ্ট কৰি দিছে যে এনে আদালতৰ কোনো আইনী স্বীকৃতি নাই আৰু ইয়াৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনা বা সিদ্ধান্ত কাৰো বাবে বাধ্যতামূলক নহয়। ২০১৪ চনৰ বিশ্ব লোচন মদন বনাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰৰ ৰায়ৰ উদ্ধৃতি দি আদালতে এই মন্তব্য কৰে। এই ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে ফেমিলি কোৰ্টৰ এটা ৰায় খাৰিজ কৰি এগৰাকী মহিলাক ভৰণ-পোষণৰ খৰচ দিয়াৰ নিৰ্দেশ দিছে।
ঘটনাক্ৰম অনুসৰি এগৰাকী মহিলাই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। ফেমিলি কোৰ্টে তেওঁক বিবাদৰ কাৰণ বুলি অভিহিত কৰি ভৰণ-পোষণৰ দাবী নাকচ কৰিছিল, যি ৰায় এলাহাবাদ উচ্চ ন্যায়ালয়ে বহাল ৰাখিছিল। মহিলাগৰাকীৰ বিবাহ ২০০২ চনত ইছলামিক নীতি-নিয়ম অনুসৰি হৈছিল, আৰু ২০০৮ চনত স্বামীয়ে ভোপালৰ দাৰুল কাজা আদালতত বিবাহ বিচ্ছেদৰ গোচৰ দাখিল কৰি ২০০৯ চনত তালাকনামা লাভ কৰিছিল। উচ্চতম ন্যায়ালয়ে ফেমিলি কোৰ্টৰ যুক্তিক সমালোচনা কৰি কয় যে, পত্নীৰ আচৰণক বিবাদৰ কাৰণ বুলি ধৰাৰ কোনো প্ৰমাণ নাই, আৰু এনে ৰায় কেৱল অনুমানৰ ওপৰত আধাৰিত।
উচ্চতম ন্যায়ালয়ে স্বামীক প্ৰতিমাহে ৪,০০০ টকা ভৰণ-পোষণৰ খৰচ দিয়াৰ নিৰ্দেশ দি কয় যে, দাৰুল কাজাৰ দৰে সংস্থাৰ সিদ্ধান্তৰ কোনো আইনী বল নাই। আদালতে ২০০৫ চনৰ এক চুক্তিৰ কথা উল্লেখ কৰি কয় যে, স্বামী-পত্নীয়ে একেলগে থাকিবলৈ সন্মত হৈছিল, আৰু পত্নীয়ে কোনো ভুল মানি লোৱাৰ কথা প্ৰমাণিত নহয়। এই ৰায়ে দেশৰ আইনী ব্যৱস্থাত শ্বৰীয়া আৰু কাজী আদালতৰ অবৈধতাক পুনৰ স্পষ্ট কৰাৰ লগতে মহিলাৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নজিৰ স্থাপন কৰিছে।