কটনত কোনে দেখুৱালে নাজী বাহিনীৰ প্ৰতীক, নাজী চেলুটেৰে নিজকে ফেচিষ্ট হিচাপে ঘোষণা একাংশ শিক্ষাৰ্থীৰ

অসমৰ আগশাৰীৰ বিশ্ববিদ্যালয় কটনত সংঘটিত হৈছে এক উদ্বেগজনক কাণ্ড। কটনত একাংশ ছাত্ৰই অনুসৰণ কৰিছে নাজীবাদ। কটনত অনুষ্ঠিত হোৱা এম ইউ এন(MUN)ৰ এক অনুষ্ঠানৰ পিছত এই কথা স্পষ্ট হৈ পৰিছে।

কটন বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ এটা দলে হিটলাৰৰ নাজী জাৰ্মানীৰ প্ৰতীক কাৰ্ড লৈ ফটোৰ বাবে পোজ দিয়াৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে।

ফটোবোৰত ছাত্ৰ-ছাত্ৰীসকলে হিটলাৰৰ নাজী বাহিনীয়ে ব্যৱহাৰ কৰা কুখ্যাত স্বস্তিকা চিহ্ন থকা কাৰ্ড প্ৰদৰ্শন কৰা দেখা গৈছে। 

অৱশ্যে কটন বিশ্ববিদ্যালয়ৰ এম ইউ এন-এ ফটোসমূহৰ সৈতে তেওঁলোকৰ সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছে।

কটন বিশ্ববিদ্যালয়ৰ এম ইউ এন-এ এক বিবৃতিত কয় যে, “কটন বিশ্ববিদ্যালয়ত হোৱা এই ঘটনা আনুষ্ঠানিক সমিতিৰ কাৰ্য্যবিধিৰ বাহিৰত, ই আমাৰ সন্মিলনক প্ৰতিনিধিত্ব নকৰে।”

 

লগতে বিবৃতিটোত কোৱা হৈছে: “আমি নাজী চেলুট বা কোনো ধৰণৰ হিংসাত্মক মতাদৰ্শক সমৰ্থন নকৰো।” 

উল্লেখ্য যে দ্বিতীয় মহাসমৰৰ কালচোৱাত হিটলাৰৰ নেতৃত্বত জাৰ্মানীৰ নাজী বাহিনীয়ে সংঘটিত কৰিছিল মানৱতাৰ বিৰুদ্ধে হাজাৰ হাজাৰ অপৰাধ।

হিটলাৰৰ নাজী জাৰ্মানীৰ অপৰাধৰ ভিতৰত আটাইতকৈ জঘন্য অপৰাধ আছিল ‘দ্য হ’ল’কাষ্ট’। ‘হ’ল’কাষ্ট’ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপীয় ইহুদীসকলৰ গণহত্যা।

কটনৰ দৰে এখন ঐতিহাসিকভাবে প্ৰগতিশীল চিন্তা-চৰ্চাৰ বাকৰিত কেনেকৈ আৰু কাৰ প্ৰৰোচনাত এইদৰে ছাত্ৰ-ছাত্ৰী সকলে ফেচিবাদৰ সমৰ্থনত উল্লাস প্ৰদৰ্শন কৰিবলৈ সাহস পালে তাকে লৈ এতিয়া বৌদ্ধিক মহলৰ মাজত প্ৰশ্নৰ উদ্ৰেগ হৈছে আৰু বৌদ্ধিক মহলে এই কাৰ্যক তীব্ৰভাবে গৰিহণা জনাইছে।