জম্মু-কাশ্মীৰৰ অনন্তনাগত সংঘৰ্ষত নিহত হিজব কমাণ্ডাৰ ,তিনি সেনা আহত

সন্ত্ৰাস জৰ্জৰ জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত আজি সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত তিনিজন সেনা নিহত হোৱাৰ লগতে এজন অসামৰিক লোক আহত হয়।

সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন হিজ-বুল-মুজাহিদীনৰ এজন কমাণ্ডাৰ নিহত হয়।

নিহত সন্ত্ৰাসবাদী জনৰ নাম নিছাৰ খাণ্ডেৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

সন্ত্ৰাসবাদীজনৰ পৰা এটা এ কে ৪৭ ৰাইফলসহ আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে প্ৰকাশ কৰা মতে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ ঋষিপোৰা গাঁৱৰ কাপ্ৰান অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে সেনা-চিআৰপিএফৰ দলৰ তুমুল সংঘৰ্ষ হয়।

এই সংৰ্ঘতে হিজবুলৰ কামাণ্ডাৰ জন নিহত হয় বুলি কুমাৰে সাংবাদিকক জানিবলৈ দিছে।