জম্মু-কাশ্মীৰৰ কুলগ্ৰামত এনকাউণ্টাৰত হিজবুল সদস্য নিহত, বুলগামত উদ্ধাৰ আই ই ডি

terrorist killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত আছে সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। আজি পুৱতি নিশা জম্মু-কাশ্মীৰ আৰক্ষীয়ে কুলগাম জিলাৰ খান্দিপৰা অঞ্চলত এক সংঘৰ্ষত হিজবুল মুজাহিদীনৰ এজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে।

সংঘৰ্ষস্থলীত আন এজন উগ্ৰপন্থী আৱদ্ধ হৈ আছে বুলি কাশ্মীৰ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে আজি সংঘৰ্ষৰ সৃষ্টি হোৱা স্থানতে যোৱা ৩১ মে’ত স্থানীয় বিদ্যালয় এখনৰ এগৰাকী শিক্ষয়িত্ৰীক গুলীয়াই হত্যা কৰা হৈছিল।

ইফালে সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰদেশখনৰ বুলগামৰ ওচৰৰ শ্ৰীনগৰ-বাৰামুলা ঘাইপথত এটা আই ই ডি উদ্ধাৰ কৰে।

লগে লগে আৰক্ষী আৰু ভাৰতীয় সেনাৰ ৫২ নং আৰ আৰ বেটেলিয়নৰ লগতে বোম্ব স্কোৱাড ঘটনাস্থলীত উপস্থিত হৈ আই ই ডি-টো নিষ্ক্ৰিয় কৰে।

বিস্ফোৰক সামগ্ৰীবিধৰ উদ্ধাৰৰ পাছতে অঞ্চলটোত সতৰ্কতামূলক ব্যৱস্থা হিচাপে সাময়িকভাৱে যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হয় যদিও বোমা নিষ্ক্ৰিয় কৰাৰ পাছত পুনৰ মুকলি কৰা হয়।