NORTHEAST NOW (Assamese)

আহি আছে অমিত শ্বাহ, কেবাখনো ৰেইলত আহিছে বানসাহায্য, চলিছে সদস্যভৰ্তি-উপ নিৰ্বাচনী প্ৰস্তুতি

July 31, 2019 6:02 pm · কল্পজ্যোতি শইকীয়া
Updated: July 31, 2019 6:49 pm
ৰঞ্জিত দাসৰ ফাইল ছবি।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বুধবাৰে এক সংবাদমেলত দলৰ উপ নিৰ্বাচনী কুছকাৱাজ, সদস্যভৰ্তি, বান সাহায্য, অমিত শ্বাহৰ অসম ভ্ৰমণ, তিনি তালাক আদি বিভিন্ন বিষয় সন্দৰ্ভত মত প্ৰকাশ কৰে।

দাসে জনোৱা মতে, অহা ১০ আৱু ১১ আগষ্টত চৰকাৰী কাৰ্য্যসূচী লৈ অসম ভ্ৰমণলৈ আহিব ভাৰতৰ গৃহ মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।

আনহাতে চলিত বানত সঠিক ৰূপত সাহায্য প্ৰদান কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে শাসকীয় দলটোৰ ৰাজ্যিক সভাপতিজনে।

বিজেপিৰ ৭০হাজাৰ কাৰ্য্যকৰ্তায়ো বানপীড়িতক সহায়-সহযোগ কৰি থকা বুলি উল্লেখ কৰি দাসে নিজ দলৰ কৰ্মকৰ্তাসকলকো ধন্যবাদ জ্ঞাপন কৰে।

দাসে লগতে জনায় যে, বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ ফালৰ পৰা কেইবাখনো ট্ৰেইনযোগে বান সাহায্যৰ সামগ্ৰী আহি আছে।

বহুসংখ্যক লোকে মুখ্য মন্ত্ৰী সাহায্য পুঁজিত সাহায্য দিয়া বুলিও তেওঁ প্ৰকাশ কৰে।

তেওঁ জনায় যে, এই সময়চোৱাত বানপানীয়ে অসুবিধাৰ সৃষ্টি কৰিছে যদিও বিজেপিৰ সদস্যভৰ্তি কাৰ্য্যসূচীলৈ ৰাইজে ব্যাপক সঁহাৰি জনাইছে।

“১১ আগষ্টলৈকে প্ৰাথমিক সদস্য ভৰ্তি অনুষ্ঠান চলি থাকিব। তাৰ পাছত সক্ৰিয় সদস্য পদ গ্ৰহণ কৰিব পাৰিব প্ৰাথমিক সদস্য পদ লোৱাসকলে”, দাসে কয়।

তেওঁ জনায় যে, “(অসমত)মণ্ডল কমিটি আছে ৩০৩খন। ৯হাজাৰ কাৰ্য্যকৰ্তাই কাম কৰি আছে। নতুনকৈ মণ্ডল গঠন কৰাৰ পৰিকল্পনা চলি আছে। ৬০০ সদস্য বৃদ্ধি পাইছে।”

দাসে লগতে জনায় যে, ৩১ আগষ্টৰ পাছত বিজেপিৰ সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত হ’ব।

“বুথ পৰ্য্যায়ৰ পৰা ৰাজ্যিক পৰ্য্যায়লৈকে পৰ্য্যায়ক্ৰমে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। মন্ত্ৰী ভৱেশ কলিতা এই নিৰ্বাচনৰ তত্বাৱধায়ক হিচাপে থাকিব। লগতে সহ তত্বাৱধায়ক হিচাপে থাকিব প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাস, ঋতুবৰণ শৰ্মা (অধ্যক্ষ, AMTRON), বিধায়ক অশ্বিনী ৰায় চৰকাৰ আৰু মুখপাত্ৰ অপৰাজিতা ভূঞা”, দাসে কয়।

লোকসভালৈ বিজেপিৰ কেইবাজনো বিধায়ক নিৰ্বাচন নিৰ্বাচিত হৈ যোৱাৰ ফলত খালী হোৱা আসনসমূহৰ উপ নিৰ্বাচনৰ বাবে দলটোৰ কুছকাৱাজ সম্পৰ্কেও দাসে অৱগত কৰে।

“বিধানসভাৰ উপ নিৰ্বাচনৰ কুছকাৱাজ বানপানীৰ বাবে বন্ধ হৈ আছিল। অহা ১ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব কুছকাৱাজ। চাৰিটা সমষ্টিৰ বাবে একোখনকৈ নিৰ্বাচন প্ৰবন্ধ উপ সমিতি গঠন কৰা হৈছে। আটাইকেইখন সমিতিতে মন্ত্ৰী, বিধায়ক আৰু সাংসদ আৰু দলীয় নেতৃত্ব আহ্বায়ক হিচাপে থাকিব”, জনায় দাসে।

আনহাতে এই উপ নিৰ্বাচনত মিত্ৰতাৰ প্ৰশ্ন নাহে বুলিও তেওঁ মন্তব্য কৰে। “বি পি এফ আৰু অগপই বিজেপি প্ৰাৰ্থীকে সহায় কৰিব।”

ৰাজ্য সভাত মঙলবাৰে পাছ হোৱা তিনি তালাক বিলৰ বাবে দাসে কেন্দ্ৰীয় আইন মন্ত্ৰীক ধন্যবাদ জনায়।

“ইছলামধৰ্মী মানুহৰ ফালৰ পৰা বহুখিনি সমৰ্থন আহিছে। বহু ইছলামধৰ্মী লোক সুখী হৈছে”, দাসৰ মত।

Related News