উন্নয়ন স্তব্ধ হৈছে ৰাজ্যত, তাৰ বাবে এন আৰ চিয়ে দায়ী : শিলাদিত্য দেবৰ নতুন মন্তব্য
আকৌ খোল খালে শিলাদিত্য দেবৰ মুখ। এন আৰ চিৰ নামত ১২০০ কোটি টকা পানীত পৰাৰ লগতে উন্নয়ন স্তব্ধ হোৱা বুলি আজি অভিযোগ কৰিলে বিধায়কজনে। তেওঁ কয়, “এই টকাৰে দুটামান নতুন পথ বনাব পৰা গ’লহেঁতেন। এখন চিকিৎসালয় স্থাপন কৰিব পৰা গ’ল হেঁতেন।”
তেওঁ এই টকা ৰাইজৰ টকা আৰু ই অযথা খৰচ হ’ল বুলি প্ৰক্ৰিয়াটোৰ প্ৰতি সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ অসন্তুষ্টি প্ৰকাশ কৰে।
“ইয়াৰ লগতে আমি উন্নয়নৰ ক্ষেত্ৰতো আপোচ কৰিছো। ৰাজ্যৰ ৫৫ হাজাৰ কৰ্মচাৰী এন আৰ চিৰ কামত যোৱা তিনি বছৰ ধৰি ব্যস্ত হৈ আছে। সেইকাৰণে ক’তো কাম হোৱা নাই। বিডিঅ’ক ফোন কৰিলে কয়, ছাৰ মই এন আৰ চিৰ হিয়াৰিং লৈ আছো, ইঞ্জিনীয়াৰক ফোন কৰিলে কয়, ছাৰ মই এন আৰ চিৰ হিয়েৰিং লৈ আছো। গতিকে উন্নয়নৰ কাম স্থবিৰ হৈ গৈছে।” এইদৰে কয় বিধায়কজনে।
উল্লেখযোগ্য যে সততে সৰৱ হৈ অহা বিজেপিৰ বিধায়কজনে ৰাজ্যত নিজ দলৰ চৰকাৰখন থকা সত্ত্বেও সকলো কাম কাজ বন্ধ হৈ থকা বুলি কয়। ইয়াৰ বাবে তেওঁ এন আৰ চিকে জগৰীয়া কৰি কয় “আমি বহুত লছ কৰিছো।”
আনহাতে তেওঁ ‘এন আৰ চিৰ জৰিয়তে আমি বাংলাদেশী মূলৰ মুচলমানক বৈধ ভাৰতীয় নাগৰিক কৰিলো’ বুলিও মন্তব্য কৰে।