• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০১৭ বৰ্ষৰ ‘ৰাষ্ট্ৰীয় শিক্ষক বঁটা’ৰ বাবে নিৰ্বাচিত মঙলদৈৰ শশাংক হাজৰিকা

NE NOW NEWS ময়ূখ গোস্বামী
মঙলদৈ , September 2, 2018 6:14 pm

2 min read

Sasanaka Hazarika (1)
132
VIEWS
Share on FacebookShare on Twitter

২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে দহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক তথা মঙলদৈৰ পুনীয়া-পাকাবাংগীপাৰা গাঁৱৰ নিবাসী শশাংক হাজৰিকা। ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হোৱা শশাংকই হৈছে এইবছৰৰ আটাইতকৈ কনিষ্ঠতম শিক্ষক। তেওঁ ২০১৪ চনৰ পৰাই দহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি আহিছে।

অসমৰ শশাংক হাজৰিকাৰ লগতে দেশৰ অন্য প্ৰান্তৰ ৪৪ গৰাকী শিক্ষকক ২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰনালয়ৰ শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সঞ্চালক জি বিজয়া ভাস্কৰে এক পত্ৰযোগে শশাংক হাজৰিকাই এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা বুলি জানিবলৈ দিয়ে।

শিক্ষক দিৱস উপলক্ষে অহা পাঁচ ছেপ্তেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত এক অনুষ্ঠানৰ মাজেৰে ভাৰতৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই বঁটা প্ৰদান কৰিব। এই বঁটাৰ লগত এখন মানপত্ৰ, এটা ৰূপৰ পদক আৰু নগদ ৫০ হেজাৰ টকা প্ৰদান কৰা হ’ব।

‘এই বঁটাৰ বাবে নিৰ্বাচিত কৰাক লৈ মই যথেষ্ট সুখী আৰু গৌৰৱান্বিত’। এইদৰে নৰ্থ-ইষ্ট নাওৰ আগত মনৰ ভাৱ প্ৰকাশ কৰে ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হোৱা দহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক শশাংক হাজৰিকাই।

উল্লেখযোগ্য যে শশাংক হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লোৱাৰ পাছত তেওঁ ছিকিম মণিপাল য়ুনিভাৰ্ছিটিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। দহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থায়ীভাৱে নিযুক্তি পোৱাৰ আগতে তেওঁ বিভিন্ন প্ৰতিষ্ঠানত শিক্ষকতা কৰিছিল।

অসমৰ পৰা এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা শশাংক হাজৰিকাক শিক্ষক সন্থা, সদৌ অসম উচ্চতৰ মাধ্যমিক স্নাতক শিক্ষক সন্থাৰ দৰং জিলা সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে শনিবাৰে মঙলদৈৰ য়ুথ ক্লাবত ৰাজহুৱাভাৱে শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd