ভংগ হ’ল কংগ্ৰেছ-এআইয়ুডিএফ মিত্ৰজোঁট গঠিত হোজাই জিলা পৰিষদ

hojai-zila-parishad

হোজাই জিলা পৰিষদৰ বিদায়ী সভানেত্ৰী ৰেজিয়া ছুলতানা। ফটো : নৰ্থইষ্ট নাও

কংগ্ৰেছ আৰু অল ইণ্ডিয়া য়ুনাইটেড ডেম’ক্ৰেটিক ফ্ৰন্ট (এআইয়ুডিএফ) মিত্ৰজোঁটে গঠন কৰা হোজাই জিলা পৰিষদখন বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ভংগ কৰা হয়।

যোৱা ৩ জুলাইত বিজেপিৰ ছয়গৰাকী সদস্যই কংগ্ৰেছ আৰু এআইয়ুডিএফৰ নেতৃত্বৰ জিলা পৰিষদখনৰ প্ৰথমগৰাকী সভানেত্ৰী ৰেজিয়া ছুলতানাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ কথা প্ৰকাশ কৰি এখন পত্ৰ অতিৰিক্ত উপায়ুক্ত পংকজ ডেকাক দাখিল কৰিছিল।

বৃহস্পতিবাৰে হোজাই জিলাৰ উপায়ুক্ত তন্ময় প্ৰতীম বৰগোঁহাইৰ উপস্থিতিত শংকৰদেৱ নগৰৰ জিলা সদৰ কাৰ্যালয়ত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদান হোৱাৰ পাছত অৱশেষত মিত্ৰজোঁটে গঠন কৰা জিলা পৰিষদখন ভংগ কৰা হয়।

উল্লেখযোগ্য যে নিৰ্বাচনত জিলা পৰিষদৰ ১২ খন আসনৰ ভিতৰত বিজেপিয়ে পাঁচখন, কংগ্ৰেছে ছয়খন আৰু এআইয়ুডিএফে এখন আসনত জয়লাভ কৰিছিল।

কংগ্ৰেছে এআইয়ুডিএফৰ সহযোগত জিলা পৰিষদখন গঠন কৰিছিল।

ইয়াৰ মাজতে, কেইমাহমান পূৰ্বে কাকী জিলা পৰিষদৰ এগৰাকী কংগ্ৰেছ সদস্যই বিজেপিত যোগদান কৰাৰ পাছত বিজেপিৰ এখন আসন বৃদ্ধি পায়।

বৃহস্পতিবাৰে, কংগ্ৰেছৰ দুগৰাকী সদস্যই ইয়াৰ দলৰ বিৰুদ্ধে তথা বিজেপিৰ সপক্ষে ভোটদান কৰে।

এতিয়া এইদৰে বিজেপিৰ আগৰ ছয়গৰাকী আৰু কংগ্ৰেছৰ দুগৰাকী সদস্যৰ সৈতে আঠগৰাকী সদস্য হ’ল।

সংবাদ মাধ্যমৰ আগত ৰেজিয়া ছুলতানাই কয়,’ ডবকা আৰু নীলবাগান জিলা পৰিষদৰ আমাৰ সদস্য দুগৰাকীয়ে আমাক প্ৰতাৰণা কৰি বিজেপিৰ সপক্ষে ভোটদান কৰিছে।‘

আনহাতে,, হোজাই জিলা পৰিষদৰ পৰৱৰ্তী সভাপতি পদৰ বাবে বিজেপিয়ে এতিয়ালৈ আনুষ্ঠানিকভাৱে কোনো নাম ঘোষণা কৰা নাই।