পত্নীয়ে দিয়া অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান : উদ্ধাৰ বন্যপ্ৰাণীৰ বহু অংগ

adad

পত্নীয়ে দিয়া অভিযোগৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে কৰায়ত্ব কৰিছে এজন গৃহৰক্ষী জোৱানক।গৃহৰক্ষী জোৱান জনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বন্যপ্ৰাণীৰ বিভিন্ন দেহাংশ ৷

বোকাখাত পানবাৰী গাওঁৰ দুলাল দলে নামৰ গৃহৰক্ষী জোৱানজনে দীৰ্ঘদিন ধৰি পত্নী ললিতা দলেক শাৰীৰিক ভাৱে অত্যাচাৰ কৰি আহিছিল ৷যাৰ বাবে পত্নী ললিতা দলেই স্বামীৰ বিৰুদ্ধে বোকাখাত থানাত বুধবাৰৰ দিনা এজাহাৰ দাখিল কৰে ৷

এজাহাৰৰ উপৰি ললিতা দলেই তেওঁৰ স্বামী দুলাল দলেই নিজৰ বাসগৃহত লুকুৱাই ৰখা কেটেলা পহুৰ নোম, চৰাইৰ ঠেং, কাছৰ খোলা, বাঘৰ দাঁতকে ধৰি বহু আপত্তিজনক বন্যপ্ৰাণীৰ দেহাংশ আৰক্ষীৰ হাতত অৰ্পণ কৰে ৷

ললিতা দলেৰ মতে স্বামী দুলালে বহু দিনৰ পৰাই এই সামগ্ৰী ঘৰত লুকুৱাই থৈছিল ৷

ললিতা দলেৰ অভিযোগৰ পিচত উদ্ধাৰ হোৱা সামগ্ৰীৰে সৈতে দুলাল দলে নামৰ গৃহৰক্ষী জোৱান জনক পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ হাতত অৰ্পণ কৰে বোকাখাত আৰক্ষীয়ে ৷

দুলাল দলেই দীৰ্ঘদিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গৃহৰক্ষী হিচাবে কৰ্মৰত আছিল ৷

ইতিমধ্যেই দুলাল দলেৰ বিৰুদ্ধে এটা গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰিছে বন বিভাগে ৷