প্ৰতিবাদী কৃষক প্ৰতিনিধিৰে আলোচনাত বহিব গৃহমন্ত্ৰী অমিত শ্বাহ : ৭ বজাত আমন্ত্ৰণ কৃষক প্ৰতিনিধিক

Amit Shah

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সন্ধিয়া সাত বজাত প্ৰতিবাদী কৃষক সংগঠনৰ প্ৰতিনিধিৰে আলোচনাত বহাৰ সম্ভাৱনা আছে।

ইতমিধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৃষক সংগঠনসমূহৰ প্ৰতিনিধিক আজি সন্ধিয়া নিজ বাসগৃহত আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে।

প্ৰতিবাদৰত দুই কৃষক সংগঠনৰ প্ৰতিনিধিয়ে গৃহমন্ত্ৰীগৰাকীৰ এই আমন্ত্ৰণ গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত জনাইছে।

যদি প্ৰতিবাদৰত সংগঠনে কেন্দ্ৰ গৃহমন্ত্ৰীগৰাকীৰ আমন্ত্ৰণ ৰক্ষা কৰে তেনে আজি সন্ধিয়া ৭ বজাত অমিত শ্বাহৰ বাসগৃহত আলোচনা অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত।

উল্লেখ্য যে প্ৰায় ১২ দিন ধৰি নিৰন্তৰ বিদ্ৰোহ কৰি কৃষক সংগঠসমূহে ইতিমধ্যে চৰকাৰৰ সৈতে পাঁচলানিকৈ আলোচনাত অংশগ্ৰহণ কৰিছিল যদিও প্ৰতিবাৰেই ব্যৰ্থ হৈছে আলোচনা।

ইখনৰ পিছত সিখন আলোচনা ব্যৰ্থ হোৱাৰ পিছতে দেশৰ প্ৰতিবাদৰত কৃষক সংগঠনসমূহে মংগলবাৰে(আজি) দেশজুৰি ৪ ঘণ্টীয়া ভাৰত বন্ধৰ আহ্বান জনায়। আৰু এই বন্ধই সৰ্বাত্মক ৰূপত সফল হোৱা পৰিলক্ষিত হয়।

ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰতিবাদৰত কৃষক সংগঠনক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে।

“গৃহমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এটা বাৰ্তা আহিছে। আমি তেওঁক সাক্ষাৎ কৰিম। আমাৰ প্ৰতিবাদো অব্যাহত থাকিব। আজি বন্ধ শান্তিপূৰ্ণভাৱে সফল হৈছে।” প্ৰতিবাদৰত ভাৰতীয় কৃষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে সংবাদ মাধ্যমৰ আগত কয়।

ইফালে ৰাষ্ট্ৰীয় কৃষাণ মহাসংঘৰ নেতা শিৱ কুমাৰ শৰ্মা কাকাজীয়ে কেন্দ্ৰীয় কৃষি আইন তিনিখন বাতিলৰ দাবীত আন্দোলন কৰি গ্ৰেপ্তাৰ হোৱা কৃষকসকলক মুকলি কৰাৰ দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগত উত্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে।

“কাৰুল বাঘসহ দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কৃষি আইন বাতিলৰ দাবীত আন্দোলন কৰি কাৰাৰুদ্ধ হোৱা আমাৰ কৃষকসকলক মুক্তিৰ বাবে গৃহমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰা হ’ব।” শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।

প্ৰতিবাদকাৰীৰ কৃষক প্ৰতিনিধিৰে পূৰ্বৰ আলোচনাসমূহত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টুমৰে কোনো সমাধান সূত্ৰ উলিয়াবলৈ সমৰ্থ নোহোৱাত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৃষক প্ৰতিনিধিক আমন্ত্ৰণ কৰাটোৱে ৰাজনৈতিকভাৱে বিশেষ তাৎপৰ্য বহি কৰিছে।

ইফালে গৃহমন্ত্ৰী গৰাকীয়ে আজি অনানুষ্ঠিকভাৱেহে কৃষক প্ৰতিনিধিৰ সৈতে আলোচনাত বহিব বুলিও জানিব পৰা গৈছে। অৱেশ্যে পূৰ্বৰ কিছু আলোচনাত গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনিকভাৱে অংশগ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে।