উত্তৰ-পূবৰ জনজাতীয় সংগঠনৰ সৈতে নতুন দিল্লীত আজি গৃহ মন্ত্ৰী অমিত শ্বাহৰ CAA সন্দৰ্ভত বৈঠক

CAA-ৰ পৰা মুক্তি বিচাৰি নিজৰ নিজৰ দাবী লৈ উপস্থিত থাকিব ত্ৰিপুৰা আৰু মেঘালয়ৰ বিজেপিৰ মিত্ৰ দল

Amit-Shah-1-750x375

অমিত শ্বাহ। ফাইল ফটো।

আজি নতুন দিল্লীত গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সংগঠনবোৰক লগ কৰি CAA সন্দৰ্ভত আলোচনা কৰিব।

সংগঠনবোৰৰ ভিতৰত ত্ৰিপুৰাত বিজেপিৰ সৈতে চৰকাৰত থকা আৰু বিতৰ্কিত আইনখনৰ তীব্ৰ বিৰোধিতা কৰি অহা ইণ্ডিজেনাছ পীপলছ ফ্ৰণ্ট অব ত্ৰিপুৰা (আই পি এফ টি)ও থাকিব।

মেঘালয়ৰ পৰা কনৰাড চাংমায়ে মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সৰ এটা প্ৰতিনিধি দলক নেতৃত্ব দি এই বৈঠকত উপস্থিত থাকিব।

আই পি এফ টিৰ ৪জনীয়া দলটোক প্ৰতিনিধিত্ব কৰিব দলটোৰ মুৰব্বী নৰেন্দ্ৰ চন্দ্ৰ দেৱবাৰ্মাই। দলৰ সাধাৰণ সম্পাদক মেৱাৰ কুমাৰ জামাতীয়াও থাকিব প্ৰতিনিধি দলটোত।

আই পি এপ টিৰ উপৰি ত্ৰিপুৰাত আইনখনৰ বিৰোধিতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা জে এম এ চি এ বিৰ (Joint Movement Against Citizenship Amendment Bill) প্ৰধান দাবী হ’ব ৰাজ্যখনক বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনখনৰ আওতাৰ পৰা বাহিৰত ৰখা।

এই দাবী লৈ জে এম এ চি এ বিৰ প্ৰতিনিধি দল এটা ইতিপূৰ্বে গৃহ মন্ত্ৰীক লগ কৰিবলৈ নতুন দিল্লীত বাহৰ পাতি আছে।

আনহাতে চাংমাৰ প্ৰধান দাবী হ’ব ৰাজ্যখনৰ সকলো অংশতে ইনাৰ লাইন পাৰ্মিট বলৱৎ কৰা, নেতাজনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

উল্লেখ কৰিব পাৰি যে গৃহ মন্ত্ৰীয়ে পূৰ্বে এখন ৰাজহুৱা সভাত মন্তব্য কৰিছিল যে কনৰাড চাংমাক তেওঁ খ্ৰীষ্টমাচৰ পিছতে তেওঁলোকৰ সমস্যাবোৰ সম্পৰ্কত আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিছে।

অৱশ্যে বিতৰ্কিত আইনখনৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা আৰু আটাইতকৈ তীব্ৰ প্ৰতিবাদ হোৱা অসমৰ কোনো দলক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱাৰ কথা জানিব পৰা হোৱা নাই।

ত্ৰিপুৰা আৰু মেঘালয়ত বিজেপিৰ মিত্ৰ দল হৈও আই পি এফ টি বা কনৰাড চাংমাৰ দলে আইনখনৰ বিৰুদ্ধে যুঁজ দি থকাৰ বিপৰীতে অসমত মিত্ৰ দল অগপই কেতিয়াবাই ৰাষ্ট্ৰীয় দলটোৰ ওচৰত আত্মসমৰ্পণ কৰি বিষয়টোত সুবিধাজনক নীৰৱতা অৱলম্বন কৰিলে।