ভাৰত বন্ধৰ সময়ত ৰাজ্য সমূহক সতৰ্ক হৈ থাকিবলৈ আহ্বান গৃহ মন্ত্ৰ্যালয়ৰ

bharat-bandh New

প্ৰতিনিধিত্বমূলক ফটো।

মঙলবাৰে কৃষক সংগঠনসমূহে আহ্বান জনোৱা ভাৰত বন্ধৰ সময়ত যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰাৰ বাবে সৰ্বাধিক সাৱধানতা অৱলম্বন কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে সোমবাৰে দেশজুৰি এক পৰামৰ্শ জাৰী কৰে।

গৃহ মন্ত্ৰ্যালয়ে বন্ধৰ কাৰ্যসূচীটো অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি এই নিৰ্দেশনা জাৰি কৰিছে। আজিৰ এই বন্ধ কাৰ্যসূচীক সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছে কংগ্ৰেছ, বাওঁ মৰ্চাকে ধৰি অন্যান্য কেইবাটাও বিপক্ষ দলে।

গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াই নৰ্থ-ইষ্ট নাওক জানিবলৈ দি কয় যে বন্ধৰ এই সময়চোৱাত ক’ভিড-১৯ৰ নিৰ্দেশনা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক কোৱা হৈছে।

‘বিভিন্ন সংগঠনে আহ্বান জনোৱা আৰু ৰাজনৈতিক দলৰ সমৰ্থিত ভাৰত বন্ধৰ সময়ত যাতে শান্তি আৰু সম্প্ৰীতি অটুট থাকে তাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কোৱা হৈছে। দেশৰ কোনো স্থানতে যাতে অপ্ৰীতিকৰ ঘটনা নঘটে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব’, গৃহ মন্ত্ৰ্যালয়ৰ এজন বিষয়াই কয়।

সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে অনা তিনিখন কৃষি আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে দিল্লীৰ বিভিন্ন সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা হাজাৰ হাজাৰ কৃষকে আজিৰ এই বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে।

উল্লেখ্য যে, এই সন্দৰ্ভত প্ৰতিবাদী কৃষক গোট আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কেইবাবাৰো আলোচনা হ’ল যদিও এতিয়ালৈ কোনো সমাধান সূত্ৰ ওলোৱা নাই।