মহানগৰীত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা; ঘৰুৱা শিক্ষকৰ কামনা বলি ১০ বছৰীয়া ছাত্ৰী

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শিক্ষক মইনাল হক।

মহানগৰীত পুনৰ সভ্য সমাজক লজ্জানত কৰা এক ঘটনা ঘটিছে।

এইবাৰ ঘৰুৱা শিক্ষকৰ কামনা বলি হৈছে এগৰাকী ১০ বছৰীয়া ছাত্ৰী।

অভিযোগ উঠা শিক্ষকজনৰ নাম মইনাল হক।

ঘৰত কোনো নথকাৰ সুযোগ লৈ শিশুগৰাকীক ধৰ্ষণৰ চেষ্টা চলায় শিক্ষকজনে।

লগতে পঢ়ক: অসমৰ গৱেষকলৈ আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় ফুলব্ৰাইট-নেহৰু পোষ্ট ডক্টৰেল ফেলোশ্বিপ

মহানগৰীৰ গড়চুকৰ কতাহবাৰীত সংঘটিত হ’ল এই ঘটনা।

দেওবাৰে টিউচন কৰিবলৈ আহি শিক্ষকজনে ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ পৰিয়ালৰ।

সেইসময়ত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ উপস্থিত নাছিল বাসগৃহত।

লগতে পঢ়ক: Independence Day: আঁৰৰ কাহিনী! পাকিস্তানে কিয় ভাৰততকৈ এদিন আগতে স্বাধীনতা দিৱস উদযাপন কৰে?

কতাহবাৰীৰ নয়নজ্যোতি জাতীয় বিদ্যালয়ৰ স্কুলৰ শিক্ষক হিচাপে কৰ্মৰত মইনাল হক।

পৰিয়ালৰ অভিযোগ আৰু এজাহাৰৰ পাছত গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মইনাল হকক।