কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা

Homeless beggar property more than Rs 5 crore তেওঁ কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী। তেওঁৰ আছে নিজা ঘৰো। কিন্তু তেওঁ নিজে তাত নাথাকে, ভাড়া দিয়ে। সেই ভাড়া মাহে এক লাখ টকাতকৈও অধিক। এনে ধৰণৰ ধন-সম্পত্তি থকা স্বত্বেও তেওঁ নিজে ফুটপাথত বাস কৰে আৰু নিয়মীয়াকৈ ভিক্ষাও কৰে। লণ্ডনৰ ৰাস্তাত পোৱা গৈছে তেনে এজন কোটিপতি ভিক্ষাৰী। বিষয়টো ‘দ্য টাবু ৰুম’ নামৰ এটা সংস্থাই নিৰ্মাণ কৰা এখন তথ্যচিত্ৰত পোহৰলৈ আহিছে এই ঘটনা। কোটিপতি ফুটপাথৰ বাসিন্দাৰ নাম ডম।

তথ্য চিত্ৰখনৰ মতে, ডমৰ পৈতৃক ঘৰটোৰ বজাৰ মূল্য ৫ কোটি টকাতকৈও অধিক। তেওঁ সেই ঘৰটোত কিয় বাস নকৰে? ডমে নিজ মুখে কয় যে ইয়াৰ কাৰণ হৈছে তেওঁৰ ড্ৰাগছ আসক্তি। ১৩ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে গাঁজা টানিছিল। তাৰ পৰা আৰম্ভ কৰি লাহে লাহে অধিক বিভিন্ন প্ৰকাৰৰ নিচাৰ প্ৰতি আসক্তি বৃদ্ধি পায়।

লগতে পঢ়ক: সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই

ডমে ১৭-১৮ বছৰ বয়সৰ পৰা হেৰোইন গ্ৰহণ কৰা আৰম্ভ কৰিছিল। ইয়াৰ মাজতে সাত বছৰ ধৰি আসক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰাটোৱেও কোনো সহায় নকৰিলে। তেওঁ এতিয়াও নিয়মীয়াকৈ ড্ৰাগছ গ্ৰহণ কৰিব লাগে। তাৰ বাবে তেওঁক ধনৰ প্ৰয়োজন। কিন্তু কাম কৰি টকা উপাৰ্জন কৰাটো তেওঁৰ বাবে কঠিন। গতিকে  নিজৰ ঘৰ ভাড়াত দিয়াৰ সিদ্ধান্ত লয়। ডমে দাবী কৰে যে তেওঁ মাহে প্ৰায় ১ লাখ ২৭ হাজাৰ টকা ঘৰভাড়া পায়। কিন্তু এই সকলোবোৰ ড্ৰাগছৰ নামত যায়।

ডমে বাকী খৰচৰ বাবে প্ৰতিদিনে ভিক্ষা কৰে। তাৰ পৰা পঁচিশৰ পৰা ত্ৰিশ হাজাৰ টকা উপাৰ্জন কৰে। তাৰেই তেওঁৰ চলি যায়। অৱশ্যে, ডমে স্বীকাৰ কৰে যে এনেদৰে জীয়াই থকাটো সঁচাকৈয়ে কঠিন।

লগতে পঢ়ক: মানুহৰ মগজুত চিপ লগাই অন্ধত্ব আৰু পক্ষাঘাত নিৰাময়! আশ্চৰ্যজনক দাবী এলন মাস্কৰ

তেওঁ লগতে দাবী কৰে যে তেওঁ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব বিচাৰে। কিন্তু আত্মীয়সকলে আৰু তেওঁৰ সৈতে কোনো যোগাযোগ কৰা নাই। তেওঁৰ আনকি কোনো বন্ধুও নাই। তেওঁ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ ড্ৰাগছ এৰি দিব বুলিও জানিবলৈ দিছে।