কাৰ্বি আংলঙৰ শেহতীয়া ক্ৰীড়া চাঞ্চল্য পূজা বসুমতাৰীলৈ তুলিৰাম ৰংহাঙৰ ১ লাখ টকাৰ সাহায্য

Basumatari

পূজা বসুমতাৰী

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সভাপতি তুলিৰাম ৰংহাঙে কাৰ্বিং আংলঙৰ শেহতীয়া গৌৰৱ পূজা বসুমতাৰীলৈ ১ লাখ টকাৰ সাহায্য আগবঢ়াইছে।

পূজাই লণ্ডনত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ জুদো চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব।

বিশ্বৰ আগশাৰীৰৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখন চেপ্তম্বৰ মাহৰ শেষৰ সপ্তাহৰ পৰা আৰম্ভ হ’ব।

প্ৰতিযোগিতাখনত পূজাই ৫৭ কিলোগ্ৰাম শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। বিগত বৰ্ষত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়াৰ প্ৰদৰ্শনৰ ভিত্তিতে পূজাক ভাৰতীয় দললৈ নিৰ্বাচন কৰা হৈছিল।

বৰ্তমান অসমৰ খেলুৱৈগৰাকীয়ে ভাৰতৰ অন্য খেলুৱৈসকলৰ সৈতে গোৱালিয়ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

তুলিৰাম ৰংহাঙে পূজাক ভাৰতীয় দললৈ নিৰ্বাচিত হোৱা বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ভবিষ্যতৰ ভাল প্ৰদৰ্শনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।