কঠোৰ নিৰাপত্তা আইন গৃহীত কৰিলে হংকঙে; কিয় অনা হ’ল এনে কঠোৰ আইন?

ফটোঃ সংগ্ৰহীত।

হংকঙে কঠোৰ নিৰাপত্তা আইন গৃহীত কৰিছে। কৰ্তৃপক্ষই দেশৰ স্থিতিশীলতাৰ বাবে এই আইনখন প্ৰয়োজনীয় বুলি বিবেচনা কৰে। কিন্তু সমালোচকসকলে আশংকা কৰিছে যে এই নতুন আইনখনে নাগৰিক স্বাধীনতাক আৰু অধিক ক্ষুন্ন কৰিব।

২৩ নং অনুচ্ছেদ নামেৰে পৰিচিত এই আইনখনৰ লক্ষ্য হৈছে বাহ্যিক হস্তক্ষেপ আৰু বিদ্ৰোহ ৰোধ কৰা য’ত এনে অপৰাধৰ সৰ্বোচ্চ শাস্তি ৰখা হৈছে যাৱজ্জীৱন কাৰাদণ্ড।

দুসপ্তাহতকৈ কম সময়ৰ ভিতৰতে চহৰখনৰ বেইজিং সমৰ্থক সংসদে এই আইনখন গৃহীত কৰে।

ইতিমধ্যে এই আইনখনে হংকঙত বিচ্ছিন্নতা, বিদ্ৰোহ, সন্ত্ৰাসবাদ আৰু বিদেশী শক্তিৰ সৈতে গোপন বুজাবুজিক অপৰাধ বুলি গণ্য কৰিছে।

লগতে পঢ়কঃ চিকিৎসকে কৈছিল ৬ মাহ বাচিব; হাৰ্ট ট্ৰেন্সপ্লান্টৰ পিছত ৩৯ বছৰ জীয়াই থাকি বিশ্ব অভিলেখ ব্যক্তিৰ

হংকঙৰ নেতা জন লীয়ে কয় যে অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সম্ভাৱ্য বিধ্বংসী কৰ্মকাণ্ড আৰু স্বাধীন হংকঙৰ ধাৰণাসমূহ বাধা দিবলৈ এই আইনখন প্ৰয়োজনীয়।

তেওঁ কয় যে হংকঙৰ জনসাধাৰণৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত যাৰ বাবে সকলোৱে ২৬ বছৰ অপেক্ষা কৰি আছিল।

চীনৰ উপ-প্ৰধানমন্ত্ৰী ডিং জুৱেছিয়াঙে কয় যে এই নতুন আইনখনৰ ক্ষিপ্ৰ প্ৰণয়নে হংকঙৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিব আৰু অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দিব পাৰিব।

২০২০ চনত এনে এখন আইন গৃহীত হোৱাৰ পিছৰে পৰা বিতৰ্কিত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়কঃ মেঘালয়ত জন কেনেডীৰ হাতত গ্ৰেপ্তাৰ প্ৰাৰ্থী হিটলাৰ! নিৰ্বাচনী আয়োগৰ পোষ্টক লৈ চাঞ্চল্য

এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ চীনৰ সঞ্চালক ছাৰা ব্ৰুকছে কয় যে এই নতুন আইনখনে ইয়াত আন এক মানৱ অধিকাৰ বিপৰ্যয়ৰ সৃষ্টি কৰিব।

হিউমেন ৰাইটছ ৱাচ চাইনাৰ ভাৰপ্ৰাপ্ত সঞ্চালিকা মায়া ৱাঙে কয় যে ইয়াৰ দ্বাৰা হংকঙত স্বৈৰাচাৰীতাৰ নতুন যুগ মুকলি হ’ব।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত ভলকাৰ টাৰ্কে নতুন আইনখনক “এটা পশ্চাদগমন পদক্ষেপ” বুলি অভিহিত কৰিছে।

ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ কেমেৰনে কয় যে ইয়াৰ দ্বাৰা পূৰ্বৰ ব্ৰিটিছ উপনিবেশৰ “অধিকাৰ আৰু স্বাধীনতা”ত আৰু অধিক হস্তক্ষেপ কৰা হ’ব।

লগতে পঢ়কঃ ধূলি আৰু প্ৰদূষণৰ পৰা হোৱা স্বাস্থ্যজনিত সমস্যাৰ পৰা কেনেকৈ বাচি থাকিব? জানি লওক এতিয়াই

হংকঙৰ সাধাৰণ জনতাইও এই আইনক লৈ উদ্বেগ প্ৰকাশ কৰিছে। মূলতঃ নতুন আইনখনত বিস্তৃত আৰু অস্পষ্ট সংজ্ঞাৰ ব্যৱহাৰক লৈ তেওঁলোকৰ এই উদ্বেগ।