NORTHEAST NOW (Assamese)

জি এছ টি হ্ৰাস; পূৰ্বতকৈ হ্ৰাস পাব হোটেলৰ কোঠাৰ ভাৰা

September 20, 2019 8:32 pm · এন ই নাও নিউজ
Updated: September 20, 2019 8:51 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

কেন্দ্ৰীয় চৰকাৰে জি এছ টি কাউঞ্চিলৰ বৈঠকত হোটেলৰ ভাৰাৰ ক্ষেত্ৰত জি এছ টিৰ পৰিমাণ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

হোটেলৰ ভাৰাৰ ক্ষেত্ৰত জি এছ টিৰ পৰিমাণ হ্ৰাস কৰাৰ পাছত এতিয়া জনসাধাৰণৰ বাবে কম দামতে হোটেলৰ কোঠা উপলব্ধ হ’ব।

পূৰ্বে ৭৫০০ টকাতকৈ কম মূল্যৰ হোটেলৰ কোঠাত ১৮ শতাংশ জি এছ টি আদায় দিব লাগিছিল আৰু ৭,৫০০ টকাতকৈ অধিক মূল্যৰ হোটেলৰ কোঠাত ২৮ শতাংশ জি এছ টি আদায় দিব লাগিছিল।

জি এছ টি কাউঞ্চিলৰ বৈঠকৰ পাছত ৭,৫০০ টকাতকৈ কম মূল্যৰ হোটেলৰ কোঠাত ৬ শতাংশ আৰু ৭,৫০০ টকাতকৈ অধিক মূল্যৰ হোটেলৰ কোঠাত ১০ শতাংশ জি এছ টি হ্ৰাস কৰা হয়।

গোৱাত অনুষ্ঠিত হোৱা জি এছ টি কাউঞ্চিলৰ ৩৭ সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰোপৰি বৈঠকত অটোমোবাইল, বিস্কুট আদি সামগ্ৰীৰ ক্ষেত্ৰতো জি এছ টিৰ সালসলনি দিশত পৰ্যালোচনা কৰা হয়।

বৈঠকত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘৰুৱা প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত কৰ্পোৰেট কৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।

দেশত কৰ্পোৰেট কৰ হ্ৰাস কৰাৰ পাছতে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ লগতে স্বদেশী কোম্পানী সমূহৰ বিনিয়োগ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।

Related News