শিৱসাগৰত “বিভাগীয় শাস্তি”ত কনিষ্টবলৰ মৃত্যু, দৰঙত বুঢ়া চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে অভিযোগত অসম আৰক্ষী ভাৰাক্ৰান্ত হৈ থকাৰ মাজতে চৰ্চালৈ আহিছে কোকৰাঝাৰৰ এছ পিয়ে জিলা কাৰ্য্যবাহী দণ্ডাধীশক “প্ৰহাৰ” কৰাৰ ঘটনা।
আৰক্ষী অধীক্ষক ৰাজেন সিঙে জিলা কাৰ্য্যবাহী দণ্ডাধীশ শৈলেন দাসক কোকৰাঝাৰৰ কোনো এক হোটেলত প্ৰহাৰ কৰাৰ ভিডিঅ’ আৰ টি আই কৰ্মী দুলাল বৰাই ফাদিল কৰিছে।
ভিডিঅ’টো ইতিমধ্যে ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াতো।
ফাদিল ভিডিঅ’টো যোৱা ৯ চেপ্তেম্বৰৰ নিশা প্ৰায় ১২ বজাত কোকৰাঝাৰৰ এক হোটেলত আয়োজিত এক পাৰ্টীত আৰক্ষী অধীক্ষক ৰাজেন সিঙে এচিএছ বিষয়া শৈলেন দাসক মাৰ-পিটৰ ভিজুৱেল-বন্দী হোটেলখনৰ চিচি টিভি কেমেৰাৰ। কাৰ্য্যবাহী দণ্ডাধীশজনে পিন্ধি থকা চাৰ্ট ফালি পেলোৱাৰ দৃশ্যও ভিডিঅ’টোত স্পষ্ট হৈ পৰিছে।
সেই চিচিটিভি ভিজুৱেলৰ আধাৰত শুকুৰবাৰে আৰ টি আই কৰ্মী দুলাল বৰাই তুলিছে কোকৰাঝাৰৰ ঘটনাটোৰ উচিত তদন্ত দাবী।
সংবাদমেলযোগে বৰাই অভিযোগ কৰি কয়, ‘সেই দিনা পাৰ্টীত জিলা কাৰ্য্যবাহী দণ্ডাধীশজনে আৰক্ষী অধীক্ষকগৰাকীক এটা গীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে এই অনুৰোধ ৰক্ষা কৰাৰ বিপৰীতে দণ্ডাধীশজনক বুকুত ধৰি টানি পাৰ্টীৰ পৰা বাহিৰ কৰি দিয়াতে ক্ষান্ত নাথাকি কাণতলীয়া চৰ শোধাই ৰাজহুৱা স্থানত অপদস্থ কৰে। আনকি দণ্ডাধীশজনে পিন্ধি থকা চোলাটোও ফালি পেলাই আৰক্ষী অধীক্ষকগৰাকীয়ে।’
ইপিনে, এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে কাইলৈ অসম আৰক্ষীৰ চিআইডিত এজাহাৰ দিবলৈ সাজু হৈছে আৰটিআই কৰ্মীগৰাকী।
‘কাইলৈ পুৱা ১০ বজাত চিআইডিত এখন এজাহাৰ দাখিল কৰিম। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰিম,’ তেওঁ কয়।
তদুপৰি, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনাই বৰাই কয়, ‘এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা এই সমগ্ৰ ঘটনাটো তদন্ত কৰিব লাগে। অনতিপলমে কোকৰাঝাৰৰ পৰা ৰাজেন সিঙক বদলি কৰিব লাগে।’
ইপিনে, এই ঘটনাৰ পাছত এচিএছ এচছিয়েশ্বনৰ ভূমিকা লক্ষণীয় হ’ব বুলি মন্তব্য কৰি বৰাই লগতে কয়, ‘এজন এচিএছ বিষয়াক এইদৰে শাৰিৰীকভাৱে ৰাজহুৱা স্থানত অপদস্থ কৰা হ’ল, গতিকে এচিএছ এচছিয়েশ্ব্যনৰ এজন সদস্য হিচাপে তেওঁলোকে নিজাববীয়াকৈ চৰকাৰৰ ওচৰত এপিল কৰাটো বিচাৰিম।’
বৰাৰ এই গুৰুতৰ অভিযোগৰ পাছত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকগৰাকীক ফোনযোগে বাৰম্বাৰ যোগাযোগ কৰা হৈছিল যদিও তেওঁৰ পৰা কোনোধৰণৰ সঁহাৰি পোৱা নগ’ল।