ড্ৰাইভিং লাইচেন্সৰ বাবে আৰু দিব নালাগিব গাড়ীচালনাৰ পৰীক্ষা, শীঘ্ৰে প্ৰযোজ্য হ’ব নতুন নিয়ম

a driving

ড্ৰাইভিং লাইচেন্স লাভ কৰিবলৈ যিকোনো লোকেই সংশ্লিষ্ট জিলাৰ পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ গৈ গাড়ী চলোৱাৰ পৰীক্ষা দিব লাগে।

আমাৰ দেশত এই নিয়ম বছৰৰ পিছত বছৰ ধৰি চলি আহিছে।

এনেদৰে পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ গৈ গাড়ী চলোৱাৰ পৰীক্ষা দিয়া প্ৰক্ৰিয়াটোত লোক এজনে যথেষ্ঠ সময় ব্যয় কৰিবলগীয়া হয়।

তদুপৰি বহু সময়ত গাড়ী চলোৱাত পাকৈত হৈ নুঠা লোকেও বেঁকা পথেৰে লাইচেন্স উলিওৱাৰ কথাও শুনা যায়।

এতিয়াৰ পৰা আৰু ড্ৰাইভিং লাইচেন্স লাভ কৰাৰ ক্ষেত্ৰত এনে সুৰুঙা সমূহ ৰাখিব বিচৰা নাই চৰকাৰে।

সেইবাবে চৰকাৰে শীঘ্ৰে ড্ৰাইভিং লাইচেন্স লাভৰ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটাব বিচাৰিছে।

নতুন ব্যৱস্থাটোত লোক এজনে ড্ৰাইভিং লাচিেন্স লাভ কৰিবলৈ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ গৈ  গাড়ী চালনাৰ পৰীক্ষা নিদিলেও হ’ব।

কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰা মতে চৰকাৰে শীঘ্ৰে দেশত কেতবোৰ বিশেষ ড্ৰাইভিং প্ৰশিক্ষণ প্ৰতিষ্ঠানক অনুমোদিত প্ৰতিষ্ঠান হিচাবে স্বীকৃতি দিব।

উক্ত অনুমোদিত প্ৰতিষ্ঠান সমূহত সফলতাৰে গাড়ী চলোৱাৰ প্ৰশিক্ষণ লাভ কৰা সকলে পৰৱৰ্তী সময়ত ড্ৰাইভিং লাইচেন্স লাভ কৰাৰ বাবে গাড়ী চালনাৰ কোনো পৰীক্ষা দিব নালাগে।

অনুমোদিত প্ৰশিক্ষণ প্ৰতিষ্ঠানে গাড়ী চালনাৰ শিক্ষাগ্ৰহণৰ অন্তত দিয়া প্ৰমাণ পত্ৰৰ ভিত্তিতে ড্ৰাইভিং লাইচেন্স প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে

।এগৰাকী লোকে গাড়ীচালনাৰ প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠানত কমেও ২৯ ঘণ্টাৰ প্ৰশিক্ষণ ল’ব লাগিব।

ইয়াৰে ২১ ঘণ্টাৰ প্ৰশিক্ষণ হ’ব ব্যৱহাৰিক প্ৰশিক্ষণ।