NORTHEAST NOW (Assamese)

যদি বিজেপি মুছলমান বিৰোধী মই কেন্দ্ৰীয় মন্ত্ৰী কেনেদৰে হ’লো : শ্বাহ নাৱাজ

April 22, 2019 4:18 pm · এন ই নাও নিউজ
Updated: April 22, 2019 4:22 pm
বিজেপি নেতা শ্বাহ নাৱাজ হুছেইন।

৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ হৈ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা প্ৰচাৰ চলাবৰ বাবে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী শ্বাহ নাৱাজ হুছেইন। বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত অনুষ্ঠিত হোৱা এখন জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপি মুছলমান বিৰোধী বুলি কোৱা কথাষাৰক কংগ্ৰেছৰ অপপ্ৰচাৰ আখ্যা দিয়ে।

হুছেইনে কয় ‘যদিহে বিজেপি মুছলমান বিৰোধী হয় তেন্তে মই কেন্দ্ৰীয় মন্ত্ৰী কেনেদৰে হ’লোহেতেন’। মুকালমুৱাৰ দেশভক্ত ময়দানত অনুষ্ঠিত সভাখনত অংশ লৈ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্ৰখৰ ৰ’দতো হাজাৰ হাজাৰ লোকৰ সমাগমে গুৱাহাটীত কুইন ওজাৰ বিজয়ৰ ইংগিত বহন কৰিছে বুলি কয়।

সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকায়ো ভাষণ দিয়ে। ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে শ্বব-ই-বৰাতৰ দিনটোত দিল্লীৰ পৰা বৰক্ষেত্ৰীলৈ ইমান কষ্টৰে অহা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কষ্ট বৰক্ষেত্ৰীৰ ৰাইজে অথলে যাবলৈ নিদিয়ে বুলি মন্তব্য কৰে।

নিৰ্বাচনী সভাখনত ৰাজ্যিক বিজেপিৰ সম্পাদক ভৱেন্দ্ৰ নাথ মোহন, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইনৰ লগতে ভালেকেইগৰাকী দলীয় নেতা উপস্থিত থাকে।

২৩ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী লোকসভা সমষ্টিত এইবাৰ সোঁতৰগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও মূল যুজখন বিজেপিৰ কুইন ওজা আৰু কংগ্ৰেছৰ ববিতা শৰ্মাৰ লগতে হ’ব বুলি সকলোৱে আশা কৰিছে।

Related News