NORTHEAST NOW (Assamese)

গুৱাহাটীত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা; বিচনা আইচিইউ কেনেকৈ সাজু কৰা হৈছে? জনালে স্বাস্থ্যমন্ত্ৰীয়ে

April 26, 2021 3:39 pm · কল্পজ্যোতি শইকীয়া

কোভিড কেছ বৃদ্ধি পাইছে যদিও হাতৰ পৰা পৰিস্থিতি ওলাই যোৱা নাই বুলি GMCHত সম্বোধন কৰা এক সংবাদমেলত দাবী কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই সপ্তাহত যোৱা সপ্তাহৰ তুলনাত কোভিড কেচ বৃদ্ধি হ’ব পাৰে বুলি আশংকা কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘যোৱা সপ্তাহত যিমানখিনি কেচ বৃদ্ধি হ’ব বুলি ভবা হৈছিল সিমানখিনি হোৱা নাছিল বাবে ৰোগীক বিচনা দিব পৰা হৈছিল।‘

ইপিনে, উক্ত সংবাদমেলতে গুৱাহাটীত মুঠ কিমান বিচনা আছে তাৰ এক হিচাপ দাঙি ধৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

যোৱা সপ্তাহত ২৬০ খন বেড গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দিয়া হৈছিল আৰু ১৩ টা আইচিইউ কোভিডৰ বাবে ৰখা হৈছিল বুলি তেওঁ সদৰী কৰে।

যোৱা ১০ দিনত দ্ৰুতগতিত কাম কৰাৰ পাছত ২৬০ খন বিচনাৰ লগত ১৮০ খন নতুন বিচনা সংযোগ কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ লগতে আইচিইউ ১৩ টাৰ পৰা ৯২ টালৈ বৃদ্ধি কৰা হৈছে বুলি তেওঁ দাবী কৰে।

ইয়াৰোপৰি অতিৰিক্তভাৱে MMCHত ২৪ টা আইচিইউ আৰু কালাপাহাৰত ৩৮ টা আইচিইউ আছে বুলি তেওঁ সদৰী কৰে।

গুৱাহাটীত তিনিখন হাস্পতালত ১৫৪ খন আইচিইউ আছে আৰু ৫২ গৰাকী লোক আইচিইউত চিকিৎসাধীন হৈ আছে বুলি তেওঁ কয়।

অহা ১০ দিনলৈ আইচিইউৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন নহয় বুলিও তেওঁ নিশ্চিতি প্ৰদান কৰে।

ইয়াৰোপৰি, শিলচৰ, যোৰহাট মেডিকেল কলেজতো আইচিইউৰ সংখ্যা বৃদ্ধি পাব বুলি উল্লেখ কৰি মন্ত্ৰীয়ে কয় ‘শিলচৰত ৬০ টা আৰু যোৰহাটত ৪০ টা নতুন আইচিইউ স্থাপন কৰা হ’ব।‘

ইপিনে, গুৱাহাটীৰ অন্যান্য কোভিড হাস্পতালত থকা বিচনাৰ এক হিচাপ দাঙি ধৰি হিমন্তই কয় ‘আয়ুৰ্বেদিকত ১৬৮ খন বেড, শিঙিমাৰীত ৯৪ খন বেড, সোণাপুৰত ৬৫ খন বেড, কলিতাকুছি মডেল হাস্পতালত ৭০ খন বেড আৰু কালাপাহাৰত ১৩৪ খন বেড আছে। সৰুসজাইত আজিৰে পৰা ৪৩০ খন বিচনা আৰম্ভ কৰা হৈছে।‘

গুৱাহাটীত মুঠ ২১২০ খন বিচনা আজিৰ দিনত আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘এই বেডৰ বিপৰীতে ৰোগীৰ সংখ্যা হৈছে ১৮৫২ গৰাকী। ৩০০ বিচনা এতিয়া গুৱাহাটীত খালী আছে।‘

ইয়াৰোপৰি, গুৱাহাটী মেডিকেল কলেজৰ কাৰ পাৰ্কিঙত যদি ৮ কোটি টকা খৰচ কৰা হয় তেন্তে ২৫৪ টা আইচিইউ নতুনকৈ নিৰ্মাণ কৰিব পৰা যাব আৰু দুই-এদিনতে এই আইচিইউ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি তেওঁ কয়।

Related News