NORTHEAST NOW (Assamese)

চৰকাৰে এল আই চিৰ কিমান শতাংশ বিক্ৰী কৰিব বিচাৰিছে; সুৰক্ষিত থাকিবনে গ্ৰাহকৰ ধন?

February 4, 2020 8:54 am · এন ই নাও নিউজ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট দাখিলৰ সময়ত ঘোষণা কৰা হৈছিল যে ৰাজকোষৰ ঘাটি পূৰণৰ বাবে চৰকাৰে এল আই চিৰ অংশীদাৰিত্ব কিছু বিক্ৰী কৰিব।

বিত্ত মন্ত্ৰীৰ ঘোষণাৰ পাছতেই স্বাভাৱিকতে এল আই চিৰ কোটি কোটি গ্ৰাহকৰ মাজত আতংকৰ সৃষ্টি হৈছে। একেদৰেই এল আই চিৰ এজেন্টসকলৰ মাজতো এক অনশ্চিয়তাই বিৰাজ কৰিছে।

সকলোৱে শংকা কৰিছে যে যদি এল আই চিৰ কৰ্তৃত্ব বেচৰকাৰী সংস্থা বা ইয়াৰ অংশীদাৰী সকলৰ হাতলৈ গুচি যায়, তেতিয়াহ’লে এল আই চিৰ সুনাম তথা মৰ্যাদাৰ লগতে ইয়াৰ বিশ্বাসযোগ্যতাও ক্ষতিগ্ৰস্ত হ’ব।

এই সকলোবোৰ আশংকা সঁচাকৈয়ে সত্য নে? চৰকাৰে সঁচাকৈয়ে এল আই চিৰ কৰ্তৃত্ব নিজৰ পৰা এৰি দিব খুজিছে নেকি?

এই সকলো বদ্ধমূল ধাৰণা ভুল প্ৰমানিত কৰি এল আই চি বেচৰকাৰী সংস্থাৰ নিয়ন্ত্ৰণলৈ যোৱাটো অমূলক।

বিত্ত মন্ত্ৰালয়ৰ খৱৰ অনুসৰি, এল আই চিৰ মাত্ৰ ১০ শতাংশ শ্বেয়াৰহে চৰকাৰে বিক্ৰী কৰিব পাৰে।

উক্ত ১০ শতাংশ বিক্ৰী কৰিলেই চৰকাৰৰ লক্ষ্যতকৈ অধিক টকা ৰাজকোষলৈ আহিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চৰকাৰে বিয়োজনৰ জৰিয়তে ২.১ লাখ কোটি টকা ৰাজকোষলৈ আনিব বিচাৰিছে।

চৰকাৰে ইয়াৰ লক্ষ্য পূৰণৰ নিমিত্তে এল আই চিৰ উপৰি আন কেইবাটাও সংস্থাৰ সাহায্য গ্ৰহণ কৰিব পাৰে।

বৰ্তমান বজাৰত মাথোঁ এল আই চিৰ সম্পদৰ পৰিমান হৈছে ৩৬ লাখ কোটি টকা। সংস্থাটোৰ ১০০ শতাংশ শ্বেয়াৰেই বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে।

চৰকাৰে যদি এল আই চিৰ ১০ শতাংশ শ্বেয়াৰ বজাৰত বিক্ৰী কৰে তেতিয়া তেতিয়া চৰকাৰৰ হাতলৈ প্ৰায় ৩.৬ লাখ কোটি টকা আহিব। এয়া চৰকাৰৰ নিৰ্দ্ধাৰিত লক্ষ্য ২.১ লাখ কোটি টকাতকৈ বহু বেছি।

এইদৰে চাবলৈ গ’লে এল আই চিৰ ১০ শতাংশতকৈ বহু কম শ্বেয়াৰ বিক্ৰী কৰিলেও চৰকাৰৰ লক্ষ্য পূৰণ হয়। কিন্তু নিয়ম অনুসৰি, কোনো চৰকাৰী সংস্থাই বিনিয়োগ বিচাৰিবলৈ হ’লে কমেও ১০ শতাংশ শ্বেয়াৰ বজাৰত মুকলি কৰিব লাগিব।

সেয়েহে, পৰ্যায়ক্ৰমে চৰকাৰে এল আই চিৰ ১০ শতাংশ শ্বেয়াৰ বিক্ৰীৰ বাবে এৰি দিব পাৰে। এল আই চিৰ বাকী ৯০ শতাংশ শ্বেয়াৰ চৰকাৰৰ হাততেই থাকিব।

Related News