NORTHEAST NOW (Assamese)

মানুহে কিমান গৰম সহ্য কৰিব পাৰে? বিজ্ঞানীসকলে দিলে স্পষ্ট ব্যাখ্যা

April 15, 2025 7:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 14, 2025 4:39 pm

এই গ্ৰীষ্মত তাপমাত্রাৰ উৰ্ধ্বগতিৰে সাধাৰণ জনজীৱন অস্বস্তিকৰ হৈ পৰিছে। তাপমাত্রা ৩৫ ডিগ্ৰী চেলচিয়াছৰ পৰা বাঢ়ি ৪০ ডিগ্ৰীৰ কাষ চাপিলেহে সমস্যা বৃদ্ধি পোৱা দেখা গৈছে। বিজ্ঞানীসকলে কয়—মানুহৰ শৰীৰৰ উষ্ণতা সহ্য কৰাৰ এক নিৰ্দিষ্ট সীমা থাকে। সেই সীমা পাৰ হলেই শাৰীৰিক ক্ষতিৰ সম্ভাৱনা বৃদ্ধি পায়।

অকালতে হোৱা তীব্ৰ গৰম আহি পৰাত বহু লোক পানীৰ অভাৱ, ক্লান্তি, আৰু হিট ষ্ট্ৰোকৰ সমস্যাত ভুগি আছে। চিকিৎসকসকলে ইতিমধ্যে অধিক সাৱধানতা অবলম্বন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

কানাডাৰ অটোৱা বিশ্ববিদ্যালয়ে চলোৱা এক অধ্যয়নত দেখা গৈছে, ৪২ ডিগ্ৰী চেলচিয়াছ আৰু ৫৭% আৰ্দ্ৰতাত ৯ ঘণ্টা ধৰি থাকিলে অংশগ্ৰহণকাৰীসকল অসুস্থ হৈ পৰে। কিছুমানে বমি, ডায়েৰিয়া, আৰু পানীৰ অভাৱৰ সমস্যাত ভুগিছিল।

অন্য এটা গৱেষণাত ষ্টেনফৰ্ড ইউনিভাৰ্চিটীৰ বিজ্ঞানীসকলে কৈছে—মানুহৰ স্বাভাৱিক শৰীৰৰ তাপমাত্রা আগতে ৩৭ ডিগ্ৰী চেলচিয়াছ (৯৮.৬°F) ধৰা হৈছিল, কিন্তু এতিয়া ই হ্ৰাস পাই ৩৬.৩৯ ডিগ্ৰী চেলচিয়াছ (৯৭.৫°F) হৈছে। সেই অনুসৰি গৰম সহ্য কৰাৰ ক্ষমতাও হ্ৰাস পাইছে।

বিজ্ঞানীসকলৰ মতে, বৰ্তমান মানুহে সৰ্বাধিক ৩৫ ডিগ্ৰী চেলচিয়াছৰ পৰ্যন্ত তাপমাত্রা সহ্য কৰিব পাৰে। তাপমাত্ৰা ৪০ ডিগ্ৰী সতর্ক সংকেত আৰু ৫০ ডিগ্ৰী চেলচিয়াছ মানেই বিপজ্জনক পৰিস্থিতিলৈ গতি কৰে ।

গৱেষণা উল্লেখকৰা অনুসৰি পূৰ্বে লোকসকলে অধিক পৰিশ্ৰম কৰিছিল, ফলত তেওঁলোকৰ বিপাকীয় গতি (metabolic rate) বেছি আছিল। কিন্তু এতিয়া যান্ত্রিক জীৱনৰ বাবে শাৰীৰিক ক্ষমতা হ্ৰাস পাইছে। ফলত, তাপ সহ্য কৰাৰ ক্ষমতাও কমি গৈছে।

Related News