পীযূষ হাজৰিকাৰ মুখৰ মূল্য কিমান! ক’ত গ’ল গৌৰৱ গগৈ জিকিলে ৰাজনীতি ত্যাগ কৰা মন্ত্ৰীজন

কালি ঘোষণা কৰা হ’ল দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল৷ইতিমধ্যে ২৯২খন আসনত জয়লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে এনডিএ মিত্ৰজোঁট৷২৩৩খন আসনত ‘ইণ্ডিয়া’ ব্লকেও অভূতপূৰ্ব প্ৰদৰ্শন আগবঢ়াই৷এইবাৰ অসমৰ নিৰ্বাচনী যুঁজখনো হৈ পৰিল আকৰ্ষণীয়৷অসমৰ ১১টা লোকসভাত বিজেপি,এজিপি,ইউপিপিএলৰ NDAই লাভ কৰাৰ বিপৰীতে তিনিখন লোকসভাৰ আসন যোৰহাট,নগাঁও আৰু ধুবুৰীত কংগ্ৰেছ জয়লাভ কৰে৷

যোৰহাটত গৌৰৱ গগৈয়ে প্ৰাক্তন আছুনেতা তথা বৰ্তমান অসম বিজেপিৰ হেভীৱেইট নেতা তপন কুমাৰ গগৈক পৰাস্ত কৰে৷গৌৰৱ গগৈয়ে ৭৫১৭৭১টা ভোট লাভ কৰাৰ বিপৰীতে তপন কুমাৰ গগৈয়ে ৬০৭৩৭৮টা ভোট লাভ কৰে৷গৌৰৱে,তপন কুমাৰ গগৈক ১৪৪৩৯৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷

কিন্তু গৌৰৱ গগৈৰ এই যুঁজখন আছিল কেনেধৰণৰ! ইয়াক বহুতে এজনৰ বিপৰীতে বহুজন বুলি অভিহিত কৰিছে৷কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই যোৰহাট লোকসভাত তপন কুমাৰ গগৈক বিজেপিৰ মুখ,প্ৰকৃত প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাহে আছিল বুলি মন্তব্য কৰিছে৷গৌৰৱ গগৈৰ বিৰুদ্ধে যোৰহাট লোকসভাত নিযুক্ত কৰা হৈছিল কেবিনেটৰ এজন শীৰ্ষ নেতা৷এইজন শীৰ্ষ নেতা আছিল তৰুণ গগৈক এসময়ত ছিপৰাং মৰা ‘দাদা বিগ্ৰেড’ৰ অন্যতম সদস্য তথা হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাতস্বৰূপ পীযূষ হাজৰিকা৷যোৰহাট লোকসভা সমষ্টিত এইজন পীযূষ হাজৰিকাই ১২০খনতকৈ অধিক জনসভা কৰিছিল৷এইজন হাজৰিকাই গৌৰৱ গগৈ যোৰহাটত জয়ী হ’লে ৰাজনীতি ত্যাগ কৰিম বুলি আস্ফালন কৰিছিল৷কিন্তু ক’ত গ’ল এইজন পীযূষ হাজৰিকা?বিপুল ভোটত জয়ী হ’ল গৌৰৱ অথচ ৰাজহুৱাকৈ প্ৰকাশ্য হোৱাৰ পৰা আঁতৰত আছে পীযূষ…এয়া চাতুৰ্যতা নে নৈতিক পৰাজয়ৰ আত্মগ্লানিয়ে দহিছে হাজৰিকাক৷