NORTHEAST NOW (Assamese)

ইৰাণৰ সৈতে সংঘাতত ধ্বংস আমেৰিকাৰ ৪২ বিমান আৰু ড্ৰোন: অন্তৰ্ভুক্ত এফ-৩৫ বিমানো, কিমান লাখ কোটিৰ লোকচান হ’ল মাৰ্কিন চৰকাৰৰ

May 21, 2026 7:58 am · এন ই নাও নিউজ, গুৱাহাটী

ইৰানৰ বিৰুদ্ধে চলোৱা অপাৰেচন এপিক ফিউৰী নামৰ সামৰিক অভিযানত আমেৰিকাই এক বৃহৎ বিমান সংক্ৰান্তীয় লোকচানৰ মুখামুখি হৈছে। আমেৰিকাৰ সংসদ অৰ্থাৎ ইউ এছ কংগ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি এই অভিযানত আমেৰিকাৰ সশস্ত্ৰ বাহিনীৰ ৪২ খন বিমান আৰু ড্ৰোন সম্পূৰ্ণৰূপে ধ্বংস বা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত ৬ খন অত্যাধুনিক যুঁজাৰু বিমান আছে, যাৰ ভিতৰত ১ খন এফ-৩৫, ৪ খন এফ-১৫ই ষ্ট্ৰাইক ইগল আৰু ১ খন এ-১০ থাণ্ডাৰবোল্ট-২ বিমান অন্তৰ্ভুক্ত হৈছে। আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যে প্ৰকাশ কৰিছে যে এই যুদ্ধত তেওঁলোকৰ মুঠ খৰচ প্ৰায় ২.৮১ লাখ কোটি টকা হৈছে।

আমেৰিকাৰ আটাইতকৈ ডাঙৰ ক্ষতি হৈছে ড্ৰোন শাখাৰ ক্ষেত্ৰত, য’ত মুঠ ২৫ টা ড্ৰোন ধ্বংস হৈছে। ইয়াৰ ভিতৰত ২৪ টা এমকিউ-৯ ৰীপাৰ ড্ৰোন আৰু ১ টা এমকিউ-৪চি ট্ৰাইটন ড্ৰোন আছে। ইয়াৰ উপৰিও আন ১১ খন বিমানো ধ্বংস বা ক্ষতিগ্ৰস্ত হৈছে। আনহাতে নিউয়ৰ্ক টাইমছৰ এক চাঞ্চল্য্যকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে আমেৰিকা আৰু ইজৰাইলৰ লক্ষ্য কেৱল ইৰানৰ পৰমাণু আৰু মিছাইল ক্ষমতা দুৰ্বল কৰাই নাছিল, বৰঞ্চ দেশখনত এক বৃহৎ ক্ষমতা সলনি কৰাৰো গোপন পৰিকল্পনা আছিল।

এই আঁচনি অনুসৰি ইৰানৰ নতুন নেতা হিচাপে ইৰানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মাহমুদ আহমাদিনেজাদক বাচনি কৰা হৈছিল। ইৰানৰ সেনা আৰু উচ্চতম নেতাৰ সৈতে থকা বেয়া সম্পৰ্কৰ বাবে বিগত বহু বছৰ ধৰি গৃহবন্দী হৈ থকা আহমাদিনেজাদক উদ্ধাৰ কৰিবলৈ ইজৰাইলেই প্ৰথম দিনাই তেওঁৰ বাসগৃহৰ ওচৰত আক্ৰমণ চলাইছিল, কিন্তু তেওঁ বাচি যোৱাৰ বাবে ইজৰাইল আৰু আমেৰিকাই পিছলৈ এই পৰিকল্পনাৰ পৰা আঁতৰি আহে। এই ক্ষমতা সলনিৰ পৰিকল্পনাটো তিনিটা পৰ্যায়ৰ আছিল, য’ত প্ৰথম পৰ্যায়ত প্ৰচণ্ড বিমান আক্ৰমণ চলাই শীৰ্ষ নেতাসকলক লক্ষ্য কৰা আৰু কুৰ্ড যুঁজাৰুসকলক সক্ৰিয় কৰা, দ্বিতীয় পৰ্যায়ত দেশখনত যুদ্ধসদৃশ পৰিস্থিতি সৃষ্টি কৰি ইৰান চৰকাৰৰ নিয়ন্ত্ৰণ হেৰুওৱা বুলি দেখুওৱা আৰু প্ৰাকৃতিক গেছ তথা বিদ্যুত যোগান বন্ধ কৰি ৰাজনৈতিক চাপ সৃষ্টি কৰাৰ পিছত আহমাদিনেজাদক ক্ষমতালৈ অনাৰ কথা আছিল।

আনহাতে বিগত ২৪ ঘণ্টাত এই যুদ্ধক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা পোহৰলৈ আইছে। আমেৰিকাৰ চিনেটত ডনাল্ড ট্ৰাম্পৰ সামৰিক ক্ষমতা সীমিত কৰাৰ এক প্ৰস্তাৱ ৫০-৪৭ ভোটত গৃহীত হৈছে, য’ত চাৰিজন ৰিপাব্লিকান সাংসদেও ট্ৰাম্পৰ বিৰুদ্ধে ভোটদান কৰে। ইয়াৰ বিপৰীতে ট্ৰাম্পে দাবী কৰিছে যে ইৰানৰ নৌসেনা আৰু বায়ুসেনা প্ৰায় ধ্বংস হৈ পৰিছে আৰু এতিয়া ইৰানে বুজাবুজি কৰিবনে নাই সেয়াহে চোৱা হ’ব। ইফালে ইৰানৰ ৰিভলুশ্যনেৰী গাৰ্ডে দাবী কৰিছে যে বিগত ২৪ ঘণ্টাত তেওঁলোকৰ অনুমতি লৈহে ২৬ খন বাণিজ্যিক জাহাজ হৰমুজ প্ৰণালীৰে পাৰ হৈ গৈছে। এই যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইউএই দেশে হৰমুজ প্ৰণালীক বাইপাস কৰিবলৈ এক নতুন তেল পাইপলাইন নিৰ্মাণ কৰিছে যাৰ কাম ইতিমধ্যে ৫০ শতাংশ সম্পূৰ্ণ হৈছে। ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘই সতৰ্ক কৰি দিছে যে হৰমুজ প্ৰণালীত সংকট বাঢ়িলে সমগ্ৰ বিশ্বতে খাদ্য সংকট আৰু মূল্যবৃদ্ধিৰ সৃষ্টি হ’ব পাৰে, যাৰ বাবে সকলো দেশকে বৈকল্পিক যোগান পথ সাজু কৰিবলৈ আহ্বান জনোৱা হৈছে।

Related News