• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইনষ্টাগ্ৰামত বিজেপিক পিছ পেলালে ককৰোচ জনতা পাৰ্টীয়ে, ১০ মিলিয়ন ফ’ল’ৱাৰ্চ হ’বলৈ অলপহে বাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 7:23 am
108
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত শেহতীয়াকৈ ককৰোচ জনতা পাৰ্টী বা চিজেপি নামৰ এটা ব্যংগাত্মক ৰাজনৈতিক আন্দোলন আৰম্ভ হৈছে। ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এই দলটোৱে মাত্ৰ কেইদিনমানৰ ভিতৰতে ইনষ্টাগ্ৰামত ৯ মিলিয়ন বা ৯০ লাখ ফল’ৱাৰ অতিক্ৰম কৰিছে। ইয়াৰ লগে লগে চিজেপিয়ে ২০১৪ চনৰ পৰা শাসনত থকা ভাৰতীয় জনতা পাৰ্টী অৰ্থাৎ বিজেপিক পিছ পেলাইছে। বৰ্তমান ইনষ্টাগ্ৰামত বিজেপিৰ ৮.৭ মিলিয়ন ফল’ৱাৰ থকাৰ বিপৰীতে কংগ্ৰেছৰ ১৩.২ মিলিয়ন আৰু আম আদমী পাৰ্টীৰ ১.৯ মিলিয়ন ফল’ৱাৰ আছে।

ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ এক বিতৰ্কিত মন্তব্যৰ পিছতেই ১৬ মে’ত যুৱপ্ৰজন্মৰ প্ৰতিবাদ হিচাপে এই আন্দোলনটো আৰম্ভ হৈছিল। তাৰ পিছত ১৭ মে’ত ইনষ্টাগ্ৰামত একাউণ্ট খোলা হয় আৰু মাত্ৰ ৭৮ ঘণ্টাৰ ভিতৰত ই ৩ মিলিয়ন ফল’ৱাৰ লাভ কৰে। ২০ মে’ৰ ভিতৰত এই সংখ্যা ৯ মিলিয়ন পাৰ হৈ যায়। আটাইতকৈ আচৰিত কথাটো হ’ল যে চিজেপিয়ে মাত্ৰ ৫৪ টা প’ষ্ট কৰি এই সফলতা লাভ কৰিছে, আনহাতে বিজেপিয়ে এতিয়ালৈকে ১৮ হাজাৰৰো অধিক প’ষ্ট শ্বেয়াৰ কৰিছে। এক্স বা টুইটাৰতো এই দলটোৰ ১ লাখ ৬৫ হাজাৰৰো অধিক ফল’ৱাৰ আছে।

Apply Now

এই প্লেটফৰ্মটোৱে মূলতঃ নিবনুৱা সমস্যা, প্ৰশ্নকাকত ফাদিল আদিৰ দৰে বিষয়বোৰ উত্থাপন কৰি ৰাজনৈতিক সজাগতা সৃষ্টিৰ চেষ্টা কৰিছে। ইয়াৰ দ্ৰুত বৃদ্ধি দেখি ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলেও বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বহুতে বিজেপিৰ নিৰ্বাচনী শ্ল’গান সলনি কৰি অবকী বাৰ ১০ মিলিয়ন পাৰ বুলি ধেমালি কৰা দেখা গৈছে। কিছুমান মানুহে আকৌ প্ৰশ্ন কৰিছে যে ইনষ্টাগ্ৰামৰ এই জনপ্ৰিয়তাই নিৰ্বাচনত সঁচাকৈয়ে ভোটলৈ ৰূপান্তৰিত হ’বনে। ইয়াৰ উত্তৰত দলটোৱে কৈছে যে যুৱপ্ৰজন্মৰ শক্তিক কোনেও আওকাণ কৰা উচিত নহয়।

এই ককৰোচ জনতা পাৰ্টীৰ আঁৰৰ ব্যক্তিজন হৈছে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ অভিজিৎ ডিপকে নামৰ এজন ৩০ বছৰীয়া যুৱক। আমেৰিকাৰ বষ্টন ইউনিভাৰ্চিটিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অভিজিতে পূৰ্বে আম আদমী পাৰ্টীৰ ছচিয়েল মিডিয়া স্বেচ্ছাসেৱক হিচাপেও কাম কৰিছিল। অখিলেশ যাদৱ আৰু মহুৱা মৈত্ৰৰ দৰে জনপ্ৰিয় ৰাজনীতিবিদসকলেও ছচিয়েল মিডিয়াত এই আন্দোলনটোক সমৰ্থন জনাইছে। বৰ্তমানলৈকে দলটোৰ ৱেবছাইটত ১ লাখ ৬০ হাজাৰৰো অধিক লোকে পঞ্জীয়ন কৰিছে। অভিজিতে জানিবলৈ দিছে যে ৰাইজৰ সঁহাৰি আৰু পৰামৰ্শৰ ওপৰত ভিত্তি কৰি তেওঁ ভাৰতলৈ উভতি আহি এই আন্দোলনটোক বাস্তৱত আগুৱাই নিয়াৰ কথা চিন্তা কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd