NORTHEAST NOW (Assamese)

ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ দিনাই ৰচনা হ’ল ইতিহাস, কিমান টকা জমা হ’ল মন্দিৰৰ দানপাত্ৰত ?

January 25, 2024 8:55 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 25, 2024 6:45 pm

ৰাম মন্দিৰ উদ্বোধন হোৱাৰ এসপ্তাহো নগদ ধনৰে ভৰি পৰিছে মন্দিৰৰ দানপাত্ৰ। ৰাম মন্দিৰৰ দুৱাৰ ৰাইজৰ বাবে মুকলি কৰাৰ দিনাৰ পৰাই লাখ লাখ ভক্তৰে ভৰি পৰিছে ৰামমন্দিৰ। প্ৰথম দিনাই ৰাম মন্দিৰৰ দানপাত্ৰত জমা হোৱা বৰঙণিৰ কথা শুনিলে আচৰিত হৈ পৰিব আপুনিও। 

ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ মুৰব্বী অনিল মিশ্ৰই কয় যে সোমবাৰে ৰাম মন্দিৰ উদ্বোধনৰ পিছৰে পৰা ১০টাকৈ বৰঙণিৰ কাউণ্টাৰ মুকলি কৰা হৈছে। বহু ভক্তই অনলাইনতো দান-বৰঙণি আগবঢ়াইছে বুলি জনাইছে মন্দিৰ কৰ্তৃপক্ষই।

জানিব পৰা মতে মঙলবাৰে মুঠ ৩.১৭ কোটি টকাৰ অনুদান লাভ কৰিছে ৰাম মন্দিৰ কৰ্তৃপক্ষই।

ৰাম মন্দিৰৰ ট্ৰাষ্টী অনিল মিশ্ৰই কয় যে প্ৰতিদিনে লাখ লাখ ভক্তই মন্দিৰৰলৈ পূজা কৰিবলৈ আহিছে। তেওঁ কয় যে মঙলবাৰে ৫ লাখৰো অধিক ভক্তই পূজা কৰিছিল আৰু বুধবাৰেও প্ৰায় একে সংখ্যক ভক্তই পূজা কৰিছিল। 

লাখ লাখ ভক্তৰ ভিৰ চম্ভালিবলৈ আৰু যাতে সকলোৱে কোনো অশান্তি নোহোৱাকৈ পূজা কৰিব পাৰে তাৰ বাবেও মন্দিৰ কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা কৰিছে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ববীয়া দত্তত্ৰেয় হোছাবলে সংঘৰ কৰ্মী সকলক ৰাম মন্দিৰ আৰু দাঁতিকাষৰীয়া অঞ্চল পৰিস্কাৰ কৰাৰ দায়িত্ব ল’বলৈ আৰু সংগঠিতভাৱে মন্দিৰ দৰ্শন কৰাত ভক্তসকলক সহায় কৰিবলৈ নিৰ্দেশ দিছে।

Related News