NORTHEAST NOW (Assamese)

আপুনি খবৰ ৰাখিছেনে? GMCH ত কেনেদৰে কটাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে?

October 8, 2020 9:01 pm · কল্পজ্যোতি শইকীয়া

কোভিড-১৯ পজিটিভ হৈ যোৱা ২৬ আগষ্টৰ পৰাই নিগেটিভ হোৱাৰ পাছতো শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

বৰ্তমান তেওঁৰ শাৰিৰীক অৱস্থা কেনে বা তেওঁ কেনেদৰে সময় অতিবাহিত কৰিছে সেয়া নিশ্চয়কৈ সকলোৰে জানিবলৈ মন যায়।

সেয়েহে আমি যোগাযোগ কৰিছিলো তৰুণ গগৈৰ একেবাৰে ঘনিষ্ঠ সুত্ৰৰ সৈতে।

সুত্ৰটোৱে জনোৱা অনুসৰি বৰ্তমানো তৰুণ গগৈ ICU ত আছে যদিও তেওঁ বৰ্তমান সুস্থিৰ হৈ আছে।

‘গগৈ ছাৰ বৰ্তমান বহিব পৰা হৈছে। তেওঁ সুন্দৰকৈ কথা বতৰা পাতিব পাৰিছে। অৱশ্যে বৰ্তমানো খোজ কাঢ়িব পৰা নাই।‘ সুত্ৰটোৱে এইদৰে কয়।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বাতৰি কাকত পঢ়ি, টেলিভিছন চাই সময় কটাইছে বুলি তেওঁ জনায়।

ইপিনে, তৰুণ গগৈৰ খাদ্যৰ তালিকাত কি কি অন্তৰ্ভুক্ত কৰা হৈছে বুলি আমাৰ সাংবাদিকে সোধাত সুত্ৰটোৱে কয়, ‘তেওঁ চিকেন চুপ, মাছৰ জোলৰে ভাত অলপমান, ডাব নাৰিকলৰ পানী ইত্যাদি খাদ্য গ্ৰহণ কৰি আছে।‘

এই দিনকেইটাত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ খবৰ ল’বলৈ ৰাজনৈতিক নেতাৰ সোঁত বোৱা পৰিলক্ষিত হৈছে।

মঙ্গলবাৰে সাংসদ বদৰুদ্দিন আজমল, বুধবাৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভুঞা, বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰদ্যুত বৰদলৈয়ে পৃথকে পৃথকে সাক্ষাৎ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

Related News