NORTHEAST NOW (Assamese)

অনলাইন আপোনাৰ বেংকৰ ধন লুটি নিয়া ৰোধ কৰক তলৰ উপায়েৰে

March 10, 2020 5:19 pm · এন ই নাও নিউজ
Updated: March 12, 2020 6:58 am
প্ৰতীকী ছবি।

আজিকালি বহুত অনলাইন ঠগ ওলাইছে। আৰু প্ৰায়ে গ্ৰাহকৰ বেংকৰ ধন লুটি নিয়াৰ খবৰ ওলাই থাকে।

আপোনাৰ ক্ষেত্ৰত এনে নোহোৱাৰ বাবে তলৰ উপায়সমূহ অৱলম্বন কৰক।

উপায়সমূহ–

— আপোনাৰ ব্ৰাউজাৰৰ এড্ৰেছ বাৰত URLটো “https”ৰে আৰম্ভ হোৱাটো লক্ষ্য কৰক।

— এড্ৰেছ বাৰত এটা তলাৰ ছবি থাকে। তাত ক্লিক কৰি আপুনি সোমোৱা ৱেবছাইটটোৰ ছিকিয়ৰিটি চাৰ্টিফিকেট থকাটো নিশ্চিত কৰক।

— এড্ৰেছ বাৰডাল যদি সেউজীয়া হৈছে তেন্তে ৱেবছাইটটো SSL চাৰ্টিফিকেট থকা আৰু সি সুৰক্ষিত।

— ঠগে ই মেইল, ফোন বা এছ এম এছত আপোনাৰ ব্যক্তিগত আৰু গোপন তথ্য বিচাৰে। তাৰ প্ৰতি সঁহাৰি নিদিব।

— বেংক বা তাৰ কৰ্মচাৰীয়ে কেতিয়াও আপোনাৰ ব্যক্তিগত তথ্য, পাছৱৰ্ড, অ’ টি পি, ডেবিট-ক্ৰেডিট কাৰ্ডৰ তথ্য আদি বিচাৰি ফোন, মেছেজ বা ই মেইল নকৰে।

— এনে ঘটিলে ততালিকে বেংকক গ্ৰাহক সুৰক্ষা কেন্দ্ৰ বা ই মেইলযোগে জনাওক। এছ বি আইৰ ক্ষেত্ৰত এই ই মেইল হৈছে report.phishing@sbi.co.in (।)

— আপোনাৰ ব্যক্তিগত একাউণ্ট তথ্য, পৰিচয় আদি ততালিকে আপডেট কৰিব লাগে বা অমুক নম্বৰত ফোন কৰক অমুক ৱেবছাইটত দিয়ক আদি ধৰণৰ মেছেজ আহইলে সাৱধান হওক।

— এইবোৰ ঠগৰ কাম হ’ব পাৰে আৰু আপোনাৰ ব্যক্তিগত তথ্য সৰকোৱাৰ বাবে কৰিব পাৰে।

— ই মেইলত অহা কোনো ৱেবছাইট দৰ্শন কৰোতে এড্ৰেছ বাৰত ই মেইলত থকাতকৈ বেলেগ ছাইট খোল খাইছে নেকি চাওক।

— আপোনাৰ কম্পিউটাৰটো এণ্টি-ভাইৰাছ ছফটৱেৰ, স্পাইৱেৰ ফিল্টাৰ, ই মেইল ফিল্টাৰ আৰু ফায়াৰৱাল প্ৰগ্ৰেমৰ জৰিয়তে সুৰক্ষিত ৰাখক।

— সাধাৰণভাৱে ব্যক্তিগত তথ্য বিচাৰি কৰা যিকোনো ফোন বা আন যোগাযোগক সন্দেহৰ চকুৰে চাওক। আৰু এনে যোগাযোগৰ সত্যাসত্যতা জানিবৰ বাবে বেংকৰ বিভাগীয় ফোন নম্বৰ/ যোগাযোগ ঠিকনাত যোগাযোগ কৰক।

Related News