৩১ আগষ্টত NRC-ৰ চূড়ান্ত তালিকাত কোনবোৰ মানুহৰ নাম চাব পৰা হ’ব, কেনেকৈ চাব পাৰিব?

৩১ আগষ্টত সকলো আবেদনকাৰীৰ নাম চাব পৰাকৈ উপলব্ধ নহয়

৩১ আগষ্টত প্ৰকাশ পাব লগীয়া চূড়ান্ত এন আৰ চিত সকলোৰে নাম চাব পৰাৰ সুবিধা উপলব্ধ নহয়। কেৱল বিশেষ ধৰণৰ স্থিতিৰ নামবোৰহে চাব পৰা হ’ব।

সকলোৰে নাম অহা ৭ ছেপ্টেম্বৰৰ পৰাহে অনলাইনযোগে চাব পৰাকৈ উপলব্ধ হ’ব।

৩১ আগষ্টত প্ৰকাশ পাব লগীয়া নামৰ তালিকাত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ নাম আছে নে নাই কেনেকৈ চাব?

১) যিসকলে দাবী উত্থাপন কৰিছে যে ক) তেওঁলোকৰ নাম ২০১৮ চনৰ ৩১ জুলাইত প্ৰকাশ পোৱা চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱা নাছিল, অথবা ২০১৯ চনৰ ২৬ জুনত প্ৰকাশিত অতিৰিক্ত খচৰাৰ পৰা বাদ দিয়া হৈছে।

বা খ) যিসকলৰ নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে কোনো আপত্তি দাখিল হৈছে।

তেনেলোকে এন আৰ চি সেৱা কেন্দ্ৰ / ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় /জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈ গৈ এন আৰ চিৰ পৰিপূৰক তালিকাৰ পৰা নিজৰ স্থিতি জানিব পাৰিব।

ইয়াৰ উপৰি তেওঁলোকে অনলাইনযোগে নিজৰ ARN Search কৰিও এন আৰ চিত নাম চাব পাৰিব। তাৰ বাবে এন আৰ চিৰ ৱেবচাইটৰ Supplementary inclusion / Exclusion list (Final NRC) status লিকংত যাব লাগিব।

২) যিসকল ব্যক্তিৰ নাম ২০১৮ চনৰ ৩১ জুলাই প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত আছিল অথৱা ২০১৯ চনৰ ২৬ জুনত প্ৰকাশিত অতিৰিক্ত খচৰাত আছিল, কিন্তু

ক) তেওঁলোকক ২০১৯ চনৰ ৫ জুলাইৰ পৰা হোৱা কোনো শুনানিলৈ মতা হৈছিল তেওঁলোকে একেই পদ্ধতিৰে এন আচ চিত নিজৰ নাম চাব পাৰিব।

খ) যদি তেওঁলোকক কোনো শুনানিলৈ মতা নাছিল তেনেহ’লে নিশ্চিত হ’ব পাৰে যে তেওঁলোকৰ নাম চূড়ান্ত এন আৰ চিত থাকিব।

৩) এন আৰ চি নাম অন্তৰ্ভুক্তিৰ বাবে দাবী উত্থাপন কৰা, নামৰ বিপৰীতে আপত্তি দাখিল হোৱা বা খচৰাত নাম থকা সত্ত্বেও ৫ জুলাইৰ পৰা হোৱা শুনানিলৈ মতা হৈছিল তেনে লোকৰ নাম ৩১ আগষ্টৰ পৰা অনলাইনযোগে চাব পৰা যাব।

৪) বাকী সকলো আবেদনকাৰীয়ে অহা ৭ ছেপ্টেম্বৰৰ পৰা অনলাইনযোগে নিজৰ ARN ব্যৱহাৰ কৰি নিজৰ নামৰ স্থিতি এন আৰ চিত চাব পাৰিব।