পানী নোহোৱাকৈ কিদৰে চাফা কৰিব কম্বল? জানি লওঁক কেইটামান ঘৰুৱা দিহা

শীত কমা নাই। এই ঠাণ্ডাত আমি বহুত কষ্ট পাব লগা হৈছে। এই সময়ত আমাৰ একমাত্ৰ বন্ধু চাদৰ আৰু কম্বল। আমি এই শীতকালত ৰাতিপুৱা কম্বলৰ পৰা ওলাই আহিব নিবিচাৰো। কিন্তু এই কম্বলখন ব্যৱহাৰ কৰাৰ এটা আটাইতকৈ কষ্টকৰ দিশ হ’ল ইয়াক চাফা কৰা। 

আজি আমি আপোনালোকক ক’ম কেনেকৈ আপুনি কম্বলখন অতি সহজ পদ্ধতিৰে চাফা কৰিব পাৰিব

বহুদিন ব্যৱহাৰ কৰাৰ পিছত কম্বলখন ইমানেই লেতেৰা হৈ পৰে যে চাফা নকৰিলে গাত ল’ব নোৱাৰি। গতিকে আজি মই আপোনালোকক কিছুমান সহজ পদ্ধতি ক’ম, যাতে আপুনি কেইমিনিটমানৰ ভিতৰতে আপোনাৰ কম্বলখন পৰিষ্কাৰ কৰিব পাৰে।

টিপছ নম্বৰ ১

প্ৰথমে কম্বলখন ভালদৰে মজিয়াত মেলি দিব। এতিয়া বেকিং চোডা এটা ষ্ট্ৰেনাৰত লৈ কম্বলৰ ওপৰত ভালদৰে মেলি দিব। আধা ঘণ্টাৰ পিছত ব্ৰাছেৰে কম্বলখন ভালদৰে ধুই লওক। ইয়াৰ দ্বাৰা কেৱল কম্বল পৰিষ্কাৰ হোৱাই নহয়, বেক্টেৰিয়াও আঁতৰি যাব।

টিপছ নম্বৰ ২

বহুদিন ব্যৱহাৰ কৰাৰ পিছত কম্বলখনৰ পৰা এটা বেয়া গোন্ধ ওলায়। স্প্ৰে বটল এটা লৈ তাত গোলাপ জল আৰু ভিনেগাৰ মিহলাই স্প্ৰে কৰিলে বেয়া দুৰ্গন্ধ দূৰ হয়। এই কাম কৰাৰ ন্পিছত কিছু সময় কম্বল খন ৰ’দত দিব লাগে।

টিপছ নম্বৰ ৩

এটা বাটিত ভিনেগাৰ, বেকিং চোডা আৰু পানী মিহলাই লওক। এতিয়া সেই মিশ্ৰণটো স্প্ৰে বটলৰ সহায়ত গোটেই কম্বলখনৰ ওপৰত ভালদৰে ছটিয়াই দিয়ক। এতিয়া কম্বলখন টাৱেল, কেচৰলৰ ঢাকনি বা আন কোনো ঘূৰণীয়া বস্তুৰে ভালদৰে পৰিষ্কাৰ কৰক। অলপ সময় বতাহত থৈ দিব, কম্বলখন পৰিষ্কাৰ হোৱা দেখিব।