জাল ২০০০ আৰু ৫০০ টকাৰে ভৰিছে দেশ; আচল নোট কেনেকৈ চিনাক্ত কৰিব?

2000-rs-currency-noteHow to detect fake 2k, 500 rupees

প্ৰতীকী ছবি।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “জাল নোট”ক চিৰবিদায় জনোৱাৰ অংগীকাৰেৰে মাজনিশা ঘোষণা কৰা ঐতিহাসিক “বিমুদ্ৰাকৰণ” ইয়াৰ অন্যতম উদ্দেশ্য সাধনত বিফল হোৱাতো নিশ্চিত হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু এন আই এৰ মতে, ভাৰতত মোদী আমোলৰ ২০০০ আৰু ৫০০ টকীয়া নোটৰ জাল টকা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে।

ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদন মতেই যোৱা বিত্ত বৰ্ষতকৈ ’১৮-’১৯ত ২০০০ আৰু ৫০০ টকাৰ জাল নোট ক্ৰমে ২১.৯ আৰু ১২১ শতাংশ বৃদ্ধি পাইছে।

এন আই এ’ৰ মতে, ইয়াৰ পিছত পাকিস্তানৰ পৃষ্ঠপোষকতা আছে।

২০০০ আৰু ৫০০ টকা জাল নোটৰ চিনাক্ত কৰাৰ প্ৰকাশিত উপায়সমূহ

২০০০ টকাৰ নোটৰ মুখপিঠিত মহাত্মা গান্ধী আৰু ওলোটা ফালে মঙলযানৰ ছবি থাকে।

চিনাক্তকৰণৰ চিহ্ন-1 পোহৰত নোটখন ধৰিলে ২০০০ লিখা থকা দেখা যায়।

২০০০ টকা নোট। ছবি সৌজন্য– hindi.news18.com

চিনাক্তকৰণ চিহ্ন-2 চকুৰ ওচৰত ৪৫ ডিগ্ৰী কোণত ধৰিলে ২০০০ লিখা দেখা যায়।

চিনাক্তকৰণ চিহ্ন-3 দেৱনাগৰীত ২০০০ লিখা আছে।

চিনাক্তকৰণ চিহ্ন-4 মধ্যভাগত মহাত্মা গান্ধীজীৰ ছবি আছে।
চিনাক্তকৰণ চিহ্ন-5 সৰু সৰু আখৰত RBI লিখা আছে।
চিনাক্তকৰণ চিহ্ন-6 ভাৰত, RBI লিখা আছে। মোহাৰি দিলে বেলেগ বেলেগ ৰঙত দেখা যায়।
চিনাক্তকৰণ চিহ্ন-7 গেৰাণ্টিৰ দফা, গৱৰ্নৰৰ চহী, প্ৰতিজ্ঞা দফা আৰু আৰ বি আইৰ প্ৰতীক।
চিনাক্তকৰণ চিহ্ন-8 মহাত্মা গান্ধীৰ ছবি আৰু ইলেক্ত্ৰ’টাইপত ২০০০ ৱটাৰমাৰ্ক আছে।

চিনাক্তকৰণ চিহ্ন-9 ওপৰ আৰু তল দুয়োকাষে লিখা আখৰবোৰ ডাঙৰ হৈ আহে।
চিনাক্তকৰণ চিহ্ন-10 ইয়াত ২০০০ৰ ৰঙ সলনি হয়। নীলা হৈ যায়।

চিনাক্তকৰণ চিহ্ন-11 অশোক স্তম্ভ আছে।
চিনাক্তকৰণ চিহ্ন-12 আয়তাকাৰ বক্স্ত ২০০০ লিখা আছে।
চিনাক্তকৰণ চিহ্ন-13 খহতা লাইন ৭ডাল।

পিছফালে
চিনাক্তকৰণ চিহ্ন -14 প্ৰিণ্টিং বৰ্ষ লিখা আছে।
চিনাক্তকৰণ চিহ্ন -15 শ্ল’গানৰ সৈতে স্বচ্ছ ভাৰত প্ৰতীক।
চিনাক্তকৰণ চিহ্ন -16 মধ্যফালে ভাষাৰ পেনেল।
চিনাক্তকৰণ চিহ্ন -17 মঙলযানৰ নমুনা।

অন্ধসকলৰ বাবে
মহাত্মা গান্ধীৰ ছবি, অশোক স্তম্ভ প্ৰতীক, ব্লিড লাইন আৰু চিনাক্তকৰণ চিহ্ণ খহতা হ’ব।

৫০০ টকাৰ নোট–

চিনাক্তকৰণ চিহ্ন -1 লাইটৰ মুখত ৰাখিলে ৫০০ দেখা যায়।
চিনাক্তকৰণ চিহ্ন -2 চকুৰ ওচৰত ৪৫ ডিগ্ৰী কোণত ধৰিলে ৫০০ লিখা দেখা যায়।

৫০০ৰ নোট। সৌজন্য– hindi.news18.com

চিনাক্তকৰণ চিহ্ন -3 দেৱনাগৰীত ৫০০ লিখা থাকে।
চিনাক্তকৰণ চিহ্ন -4 পুৰণি নোটতকৈ মহাত্মাজীৰ স্থিতিৰ পৰিৱৰ্তন ঘটিছে।

চিনাক্তকৰণ চিহ্ন -5 মোহাৰি দিলে চিকিয়ৰিটি থ্ৰেদৰ ৰঙ বদলি হৈ যায়।

চিনাক্তকৰণ চিহ্ন -6 পুৰণি নোটৰ তুলনাত গেৰাণ্টি দফা, গৱৰ্নৰৰ চহী, প্ৰতিজ্ঞা দফা আৰু আৰ বি আই প্ৰতীকৰ স্থান পৰিৱৰ্তন হৈছে।

চিনাক্তকৰণ চিহ্ন -7 মহাত্মাজীৰ ছবি আৰু ইলেক্ত্ৰটাইপ ৱটাৰমাৰ্ক।
চিনাক্তকৰণ চিহ্ন -8 ওপৰ আৰু তলত দুয়োকাষে সংখ্যাবোৰ ক্ৰমে ডাঙৰ হয়।
চিনাক্তকৰণ চিহ্ন -9 লিখা থকা ৫০০টোৱে ৰং বদলায়।
চিনাক্তকৰণ চিহ্ন -10 অশোক স্তম্ভ আৰু বক্সত ৫০০ আছে।

পিছফালে
চিনাক্তকৰণ চিহ্ন -11 প্ৰিণ্টিং বৰ্ষ।
চিনাক্তকৰণ চিহ্ন -12 শ্ল’গান আৰু স্বচ্ছ ভাৰত প্ৰতীক।
চিনাক্তকৰণ চিহ্ন -13 মধ্যমত ভাষা পেনেল।
চিনাক্তকৰণ চিহ্ন -14 ভাৰতীয় পতাকাৰ সৈতে লাল কিলাৰ ছবি।
চিনাক্তকৰণ চিহ্ন -15 দেৱনাগৰীত ৫০০ লিখা আছে।

অন্ধসকলৰ বাবে
মহাত্মা গান্ধীৰ ছবি, অশোক স্তম্ভ প্ৰতীক, ব্লিড লাইন আৰু চিনাক্তকৰণ চিহ্ণ খহতা হ’ব।