গৰমৰ দিনত কিদৰে পৰিত্ৰাণ পাব প্ৰস্ৰাব জ্বলাপোৰা সমস্যাৰ পৰা?

গৰমৰ দিনত প্ৰস্ৰাৱৰ সংক্ৰমণ (UTI)ৰ সমস্যা বাঢ়ি যায়। যিসকলৰ এই সমস্যা আছে গৰম আহিলেই তেওঁলোকে পুনৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সংক্ৰমণৰ পিছত পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰিলে বা চিকিৎসা নকৰিলে এই ৰোগৰ বাবে শৰীৰত অন্য কেইবাটাও ৰোগে শিপাই যোৱাৰ সম্ভাৱনা থাকে।
এই ৰোগত আক্ৰান্ত বহু মহিলাই চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কিছুমান অভাৰদ্যকাউণ্টাৰ ঔষধ গ্ৰহণ কৰে বা বিভিন্ন ধৰণৰ জেল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। স্ত্ৰীৰোগ বিশেষজ্ঞৰ মতে এনে পদক্ষেপ লোৱাটো উচিত নহয়।
কেৱল মহিলাই নহয় গৰমত পুৰুষৰো প্ৰস্ৰাৱৰ সংক্ৰমণ হয়। গ্ৰীষ্মকালত আগতীয়াকৈ এই ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা ল’লে কিছু সুফল পাব পাৰি।

ইউটিআই সংক্ৰমণ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

 

পানী খাব লাগে

এই ৰোগ প্ৰতিৰোধৰ বাবে অধিক পানী খাব লাগে। অৱশ্যে শৰীৰত যাতে পানীলগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। প্ৰস্ৰাৱ হালধীয়া হোৱাৰ লগে লগে দিনটোত কমেও ডেৰ লিটাৰ পানী পলম নকৰাকৈ খাবলৈ আৰম্ভ কৰিব লাগে। সাধাৰণতে ৪ৰ পৰা ৫ ঘণ্টাৰ মূৰে মূৰে প্ৰস্ৰাৱ হ’ব লাগে। যদি ইয়াতকৈ বেছি সময় প্ৰস্ৰাৱ কৰাত পলম হয়, তেন্তে পানীৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। প্ৰস্ৰাৱ বেছি সময় ধৰি ৰাখিব নালাগে, কিয়নো ইয়াৰ ফলত সংক্ৰমণ আৰু অধিক বিয়পি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

খাদ্যত ভিটামিন চি অন্তৰ্ভুক্ত কৰক

এই সময়ছোৱাত চিকিৎসকে খাদ্যত ভিটামিন চি সমৃদ্ধ খাদ্য অধিক পৰিমাণে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। ভিটামিন চিয়ে প্ৰস্ৰাৱৰ সময়ত জ্বলাপোৰা কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও ভিটামিন চিয়ে ক্ষতিকাৰক বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে।

আনাৰস খোৱা উচিত

আনাৰসত ব্ৰ’মেলিন নামৰ এক উপকাৰী উদ্দীপক থাকে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে ইউটিআই ৰোগীক সাধাৰণতে ব্ৰ’মেলিন সমৃদ্ধ এন্টিবায়টিক প্ৰেছক্ৰিপচন কৰা হয়। গতিকে প্ৰস্ৰাৱৰ সংক্ৰমণৰ ক্ষেত্ৰত আনাৰসৰ ৰস দৈনিক গ্ৰহণ কৰিব পাৰি। অধ্যয়নত দেখা গৈছে যে এই সমস্যাৰ চিকিৎসাত ক্ৰেনবেৰীৰ ৰসও অতি উপকাৰী।

প্ৰ’বায়’টিক খাদ্য গ্ৰহণ কৰক

এই সময়ত প্ৰ’বায়’টিক খাদ্য বেছিকৈ খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। এই ধৰণৰ খাদ্যই বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে। দৈত প্ৰ’বায়’টিকৰ উত্তম উৎস। ৰন্ধাবঢ়াত দৈ বেছি ব্যৱহাৰ কৰিব লাগে।