NORTHEAST NOW (Assamese)

ঘৰতে সহজে হেণ্ড ছেনিটাইজাৰ কিদৰে বনাব?

March 19, 2020 4:27 pm · এন ই নাও নিউজ
ছবি সৌজন্য-- Needpix.com

কৰ’নাভাইৰাছৰ আতংকৰ মাজত হেণ্ড ছেনিটাইজাৰৰ চাহিদা বজাৰত প্ৰচুৰ বৃদ্ধি পাইছে।

চাবোন আৰু পানীৰে ভালকৈ ঘঁহি হাত ধোৱাটোৱেই চাফা কৰাৰ উত্তম উপায় যদিও সকলো ঠাইতে সেয়া উপলব্ধ নাথাকে।

তেনে পৰিস্থিতিত হেণ্ড ছেনিটাইজাৰেই আটাইতকৈ সুবিধাজনক উপায়।

আমি ইয়াত আপোনালোকলৈ আগবঢ়াইছো ঘৰতে হেণ্ড ছেনিটাইজাৰ বনোৱাৰ কিছু সহজ উপায়

ঘৰতে ছেনিটাইজাৰ বনোৱাৰ বাবে আপোনাক মদ লাগিব। ছেনিটাইজাৰ এটা কামত অহা হ’ব লাগিলে তাত কমেও ৬০শতাংশ এলক’হল থকা প্ৰয়োজন।

৯৯ শতাংশ আইছ’প্ৰপাইল এলক’হল এই কামৰ বাবে আটাইতকৈ উপযুক্ত।

  • সহজ, খৰতকীয়া উপায়–

৩ ভাগ আইছ’প্ৰপাইল এলক’হল ১ ভাগ এল’ভেৰাৰ সৈতে মিক্স কৰক। তাৰ লগত সুগন্ধিৰ বাবে কেইটোপালমান টী ট্ৰী অইল যোগ দিব পাৰে।

  • অধিক উন্নত ছেনিটাইজাৰ—

প্ৰায় ৩০০ এম.এল. এলক’হলৰ সৈতে ২ চামুচ গ্লিচাৰিন যোগ দিয়ক। গ্লিচাৰিন যোগ দিয়াতো ভাল কিয়নো ই এলক’হলক আপোনাৰ হাতখন শুকান কৰি পেলাবলৈ নিদিয়ে।

তাৰ লগত ১ চামুচ হাইড্ৰ’জেন পেৰক্সাইড আৰু প্ৰায় ৯০ মি.লি. ডিষ্টিলড ৱাটাৰ নহ’লে গৰমৰ পৰা ঠাণ্ডা কৰা পানী দিয়ক।

মিশ্ৰণখিনি স্প্ৰে বটল বা আন বটলত ভৰাই ৰাখক।

ছেনিটাইৰটোত সুগন্ধিৰ বাবে আপুনি এটোপাল বা দুটোপাল তেল দিব পাৰে।

Related News