কেৱল ব্যৱহাৰ কৰিলেই নহয়! ব্যৱহাৰ কৰাৰ আগতে মনত ৰাখক এইকেইটা কথা

আমাৰ দেশত মুক্ত যৌনতা এতিয়াও যেন নিষিদ্ধ। যৌনতাৰ কথা পতাটোকো কুদৃষ্টিৰে চাই বেছিভাগ লোকে। যৌনতাৰ বিষয়ে মুকলিকৈ ক’লেই ভ্ৰু কোঁচাই মানুহে।

আনকি যৌন জ্ঞান থকা কিতাপ পঢ়িলেও মানুহে সহজভাবে কথাটো নলয়। আৰু তাৰ পৰাই যৌনতা সম্পৰ্কে বিভিন্ন ভুল ধাৰণাৰ জন্ম হয়। যিয়ে ডাঙৰ বিপদ কঢ়িয়াই আনে।

ঠিক তেনেকৈ কণ্ডম সম্পৰ্কে মানুহৰ মাজত বহু ভুল ধাৰণা আছে। যাৰ ফলত বহু লোক মাজে মাজে ডাঙৰ বিপদৰ সন্মুখীন হয়।

কণ্ডমক সামাজিকভাবে নিষিদ্ধ বস্তু হিচাপে গণ্য কৰা হয়! কিন্তু কণ্ডম সকলোৱেই ব্যৱহাৰ কৰে। কিন্তু কণ্ডম সদায় গোপন স্থানত ৰাখে। গোপন কৰি ৰাখিবলৈ বহুতে কণ্ডমবোৰ সাৱধানে আলমাৰীৰ ভিতৰত ৰাখে। কিন্তু বিশেষজ্ঞসকলে কয় যে আলমাৰীৰ ভিতৰত থ’লে কণ্ডম অকাৰ্যকৰী হৈ পৰাৰ সম্ভাৱনা থাকে।

বেছিভাগ পুৰুষেই মানিবেগত কণ্ডম ৰাখে। যাৰ ফলত ঘৰ্ষণত কণ্ডমটো ফাটি যোৱাৰ সম্ভাৱনা থাকে।

কণ্ডমটো তাত ৰাখিলে বহি থকাৰ সময়ত ঘঁহি লিক হ’ব পাৰে। গৰম বতৰতো কণ্ডমৰ ফলপ্ৰসূতা হেৰুৱাব পাৰে। বেছিভাগ সময়তে অত্যধিক গৰম আৰু চাপৰ বাবে কণ্ডম নষ্ট হৈ যায়। গতিকে মানিবেগৰ চুকত ৰখা কণ্ডম কেতিয়াও নিৰাপদ নহয়।

কণ্ডম ব্যৱহাৰ কৰাৰ আগতে সদায় ইয়াৰ ম্যাদ পৰীক্ষা কৰিব লাগে। ম্যাদ উকলি যোৱা কণ্ডম ব্যৱহাৰ কৰিব নালাগে। ই ডাঙৰ বিপদত পেলাবা পাৰে।

বহুতেই প্ৰথমভাগত কণ্ডম নোহোৱাকৈ সম্ভোগ কৰে আৰু শেষ পৰ্যায়ত যেতিয়া বীৰ্যস্খলনৰ পৰ্যায়ত উপনীত হয় তেতিয়া কণ্ডম পৰিধান কৰি লয়। কিন্তু এই ধাৰণাটো সম্পূৰ্ণ ভুল। সম্ভোগৰ শীৰ্ষ পৰ্যায়ত উপনীত হোৱাৰ আগতেই শুক্ৰাণু নাৰীৰ যৌনাংগত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। সংগমৰ সময়ত শুক্ৰাণুবোৰ এটা এটাকৈ মুক্ত হয়। সেয়েহে আৰম্ভণিৰে পৰা কণ্ডম পিন্ধাটো ভাল।

সস্তীয়া কণ্ডম কেতিয়াও ব্যৱহাৰ নকৰিব। জনপ্ৰিয় তথা ভাল কোম্পানীৰ কণ্ডম ব্যৱহাৰ কৰিব লাগে।

বহুতে যৌন সম্পৰ্কৰ সময়ত কণ্ডমৰ ওপৰত যিকোনো লুব্ৰিকেণ্ট ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত মইশ্ব’ৰাইজাৰ, ভেচলিনৰ সলনি ভাল কোম্পানী চেক্স লুব্ৰিকেণ্ট ব্যৱহাৰ কৰিব লাগে।