আপুনি ইতিমধ্যেই গম পাইছে যে দেশৰ আটাইতকৈ ডাঙৰ বেংক সংস্থান SBI (এচ বি আই) য়ে আহিব লগীয়া কিছু বছৰৰ ভিতৰত সকলো গ্ৰহকৰ ATM (ডেবিট) কাৰ্ড সমূহ সম্পূৰ্ণ ৰুপে অচল কৰি পেলাব। কিয়নো ডেবিট কাৰ্ডমুক্ত ভাৰত গঢ়াৰ পথত আগবাঢ়িছে ষ্টেট বেংক অৱ ইণ্ডিয়া।
ভাৰতৰ সৰ্ববৃহৎ বেংকটোৰ সঞ্চালক ৰজনীশ কুমাৰে সোমবাৰে এই কথা নিশ্চিত কৰিছে।
এচ বি আইৰ এই পদক্ষেপে প্লাষ্টিক কাৰ্ড-নিৰ্ভৰ দেশৰ বৃহৎ সংখ্যক লোকৰ ওপৰত প্ৰভাৱ পেলোৱাটো খাটাং। কাৰণ, ভাৰতৰ মুঠ জনসংখ্যাৰ এক পঞ্চমাংশই এচ বি আইৰ গ্ৰাহক।
লগতে পঢ়ক : বন্ধ হ’ব ডেবিট কাৰ্ড; দেশজুৰি আমূল পৰিৱৰ্তনৰ দিশে ধন লেনদেন ব্যৱস্থা
কুমাৰে সদৰী কৰা মতে, দেশত ডিজিটেল লেনদেনৰ প্ৰসাৰৰ বাবে এচ বি আয়ে কাম কৰাৰ সিদ্ধান্ত লৈছে আৰু সেয়ে ডেবিট কাৰ্ডসমূহ নোহোৱা কৰিব খোজা হৈছে।
এতিয়া জনসাধাৰণৰ মাজত এটাই মাথো প্ৰশ্ন উদয় হৈছে যে ডেবিট কাৰ্ডৰ বিকল্প কি হ’ব? ক’ত কেনেদৰে ধন উলিয়াব পাৰিব গ্ৰহকসকলে ?
কুমাৰে জনোৱা মতে, ইতিমধ্যে থকা এচ বি আই “YoNo – You Only Need One” প্লেটফৰ্মক এইক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব। এ টি এম মেচিনসমূহত কাৰ্ডৰ সলনি য়ন’ ব্যৱহাৰ কৰি গ্ৰাহকে ধন উলিয়াব পাৰিব।
ইয়াৰ উপৰি, যিকোনো ধৰণৰ অনলাইন/ নগদহীন লেনদেনটো কাৰ্ডৰ সলনি এই য়ন’ প্লেটফৰ্মেই ব্যৱহৃত হ’ব।
ডেবিট কাৰ্ড অবিহনে কেনেকৈ টকা উলিয়াব পাৰিব
ঢাপ ১ –
ডেবিট কাৰ্ড অবিহনে ধন উলিয়াবলৈ হ’লে আপোনাক প্ৰয়োজন হ’ব YONO Appৰ । আপুনি Play Storeৰ পৰা ইয়াক ডাউনলোড কৰিব পাৰে। YONO App খোলাৰ পিছত আপোনাৰ নিৰ্ধাৰিত পাছৱৰ্ডেৰে APP টোৰ ভিতৰত প্ৰবেশ কৰক।
ঢাপ ২ –
APP টোৰ তলৰ ফালে আহিলে YONO Cash নামৰ এটা বিকল্প দেখিবলৈ পাব। ইয়াত ক্লিক কৰক।
ঢাপ ৩ –
YONO Cashৰ ভিতৰত আকৌ ৩ টা বিকল্প দেখিবলৈ পাব। ইয়াত এটা ATM বিকল্প আছে, ইয়াত ক্লিক কৰক।
ঢাপ ৪ –
এতিয়া আপুনি গ্ৰাজ্য কৰিব খোজা ধনৰাশি নিৰ্বাচন কৰক।
ঢাপ ৫ –
ধন গ্ৰাজ্য কৰিবলৈ হ’লে আপুনি এটা বিশেষ সংখ্যা নিৰ্বাচন কৰিব লাগিব আৰু উক্ত সংখ্যাটো ATM মেছিনত উপস্থাপন কৰিব লাগিব।
এনেদৰেই ডেবিট কাৰ্ড অবিহনে টকা উলিয়াব পাৰিব আপুনি।
এচ বি আয়ে ইতিমধ্যে সমগ্ৰ ভাৰতজুৰি ৬৮,০০০টা “য়ন’ কেশ্ব পইণ্ট” স্থাপন কৰিছে, আৰু পৰৱৰ্তী ১৮ মাহত এই সংখ্যা ১ মিলিয়নলৈ বৃদ্ধি কৰা হ’ব।
ভাৰতত বৰ্তমান প্ৰায় ৯০ কোটি ডেবিট কাৰ্ড আছে। তাৰ বিপৰীতে ক্ৰেদিট কাৰ্ডৰ সংখ্যা হৈছে ৩ কোটি।
সৰ্ববৃহৎ বেংকটোৰ এই পদক্ষেপে ধন লেনদেনৰ সমগ্ৰ ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন সধাটো নিশ্চিত। আৰু ফলত বাকী বেংকসমূহেও অতি শীঘ্ৰে এই পথেই গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে।