NORTHEAST NOW (Assamese)

আধাৰ-পান কাৰ্ডত বানান ভুল আহিছে, কেনেকৈ ঠিক কৰিব? চাওক উপায়

November 30, 2020 8:52 am · এন ই নাও নিউজ
Updated: November 30, 2020 2:59 pm

বৰ্তমান আধাৰকাৰ্ড আৰু পানকাৰ্ড সকলোৰে বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ নথি।  এই কাৰ্ডত নামত বানান ভুল থাকিলে যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব পাৰে। কিন্তু সহজ কিছুমান পদ্ধতিৰ সহায়ত ইয়াৰ সমাধান পাব পাৰি।

পান বা permanent account number দিয়া হয় আয়কৰ বিভাগৰ পৰা। আনহাতে, আধাৰ নম্বৰ দিয়া হয় UIDAIৰ ফালৰ পৰা।

আধাৰকাৰ্ড বৰ্তমান অত্যন্ত গুৰুত্বপূৰ্ণ। বেংক, টেলিকম সংস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত ইয়াৰ ব্যৱহাৰ হয়। তদুপৰি, নাগৰিকত্বৰ প্ৰমানপত্ৰ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়।

আনহাতে, এই কাৰ্ডৰ সৈতে আন আন পৰিসেৱা অৰ্থাৎ পোন নম্বৰ, বেংকৰ একাউন্ট লিংক কৰাটো বাধ্যতামূলক। অন্যথা গ্ৰাহকসকল অসুবিধাত পৰিব পাৰে বুলি চৰকাৰৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে।

আধাৰ কাৰ্ডত নামৰ বানান ঠিক কৰিবলৈ গ্ৰাহকসকলে স্থানীয় আধাৰ কেন্দ্ৰলৈ যাব লাগিব। গ্ৰাহকসকলে Aadhar Modification Form সঠিকভাৱে পূৰণ কৰিব লাগিব। ইয়াৰ লগতে সঠিক নামৰ বানানৰ সৈতে প্ৰামান্য নথি দিব লাগিব। ইয়াৰ বাবে গ্ৰাহকে ২৫-৩০টকা খৰচ কৰিব লাগিব।

সেইদৰে পান কাৰ্ডৰ ক্ষেত্ৰত গ্ৰাহকসকলে National Securities Depository Limited Wedsite ত যাব লাগিব। ইয়াত গৈ গ্ৰহাকসকলে Correction in Existing Pan অপশ্যনত ক্লিক কৰিব। সঠিক নামৰ লগতে প্ৰয়োজনীয় নথি দিব লাগিব। তাৰপাছত ছাবমিট কৰিব লাগিব আৰু ইয়াৰ বাবে নিৰ্দিষ্ট ধন আদায় দিব লাগিব।

আবেদনৰ ৪৫দিনৰ ভিতৰত গ্ৰাহকে সঠিক পানকাৰ্ড লাভ কৰিব।

Related News